ETV Bharat / state

ধুবুৰীত ৭ টা বিধানসভা সমষ্টিত খাদ্য বিতৰণ আজমল ফাউণ্ডেচনৰ - ধুবুৰী

ধুবুৰী জিলা ৭ টা বিধানসভা সমষ্টিৰ লগতে কালিৰে পৰা ফাউণ্ডেচনে আৰম্ভ কৰিছে পূৱ আৰু পশ্চিম বিলাসীপাৰা সমষ্টিৰ দৰিদ্ৰ পৰিয়ালৰ মাজত সাহাৰ্য বিতৰণৰ কাৰ্যসূচী ৷ ৰাজ্যত মুঠ এক লাখ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিব বুলি ফাউণ্ডেচনৰ সদস্য সকলে জনায় ৷

ETV BHARAT
ধুবুৰীত ৭ টা বিধানসভা সমষ্টিত খাদ্য বিতৰণ আজমল ফাউণ্ডেচনৰ
author img

By

Published : May 17, 2020, 3:04 PM IST

বিলাসীপাৰা,17 মেঃ ধুবুৰীত দৰিদ্ৰ লোক সকলৰ মাজত আজমল ফাউণ্ডেচনে আৰম্ভ কৰিছে খাদ্য-সামগ্ৰী বিতৰণ কৰে ৷ এক লাখ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ কথা জানিবলৈ দিয়ে ফাউণ্ডেশ্বনৰ সদস্যসকলে ৷

ধুবুৰীত ৭ টা বিধানসভা সমষ্টিত খাদ্য বিতৰণ আজমল ফাউণ্ডেচনৰ

কৰ'ণা মহামাৰীৰ ফলত দেশ তথা ৰাজ্যত এতিয়া ভয়ঙ্কৰ দিশে গতি কৰিছে অৰ্থনৈতিক অৱস্থা ৷ ৰাইজৰ মাজত এতিয়া সৃষ্টি হৈছে ভয়াৱহ খাদ্য সংকট ৷ চৰকাৰে সাহাৰ্য্য প্ৰদান কৰি আহিছে যদিও সেয়া পৰ্য্যাপ্ত নহয় বুলি সৰ্বত্ৰে অভিযোগ উঠিছে ৷ শেহতীয়াকৈ তেনে পৰিয়ালসমূহক সাময়িক সকাহ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহিছে স্বেচ্ছাসেৱী সংগঠন আজমল ফাউণ্ডেচন ৷

ধুবুৰী জিলাৰ ৭ টা বিধানসভা সমষ্টিৰ লগতে কালিৰে পৰা ফাউণ্ডেচনে আৰম্ভ কৰিছে পূৱ আৰু পশ্চিম বিলাসীপাৰা সমষ্টিৰ তেনে পৰিয়ালৰ মাজত সাহাৰ্য বিতৰণৰ কাৰ্যসূচী ৷ ৰাজ্যত মুঠ এক লাখ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰন কৰিব বুলি ফাউণ্ডেচনে জনায় ৷ দৰিদ্ৰ পৰিয়ালৰ সমান্তৰালভাৱে সমষ্টি দুটাৰ বিভিন্ন প্ৰান্তত কেবাগৰাকী সাংবাদিককো সাহাৰ্য্য প্ৰদান কৰে ফাউণ্ডেচনৰ সদস্য সকলৰ লগতে পশ্চিম বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ আহমেদে ৷ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদৰ প্ৰাক মুহূৰ্তত ফাউণ্ডেচনৰ এনে পদক্ষেপক প্ৰশংসা কৰিছে বিভিন্ন লোকে ৷

লগতে পঢ়ক- দিল্লীত কৰ'ণাত আক্ৰান্ত 8 জন অসমীয়া জোৱান সম্প্ৰতি সুস্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.