ETV Bharat / state

এআইইউডিএফৰ বিধায়ক নজৰুল হকৰ মনোনয়ন দাখিল

বিশাল শোভাযাত্ৰাৰে শক্তি প্ৰদৰ্শন কৰি নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিলে ধুবুৰীৰ বিধায়ক নজৰুল হকে । ধুবুৰী জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাৰ ওচৰত বিধায়ক গৰাকীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷

ধুবুৰী সমষ্টিৰ এআইইউডিএফৰ বিধায়ক নজৰুলৰ মনোনয়ন দাখিল

author img

By

Published : Mar 18, 2021, 10:51 PM IST

ধুবুৰী,18 মাৰ্চ: বৃহস্পতিবাৰে ধুবুৰী সমষ্টিৰ এআইইউডিএফ দলৰ বিধায়ক তথা কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁট বন্ধনৰ প্ৰাৰ্থী নজৰুল হকে মনোনয়ন পত্ৰ দাখিল কৰে ৷ বিধায়ক গৰাকীয়ে জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰৰ লগতে কংগ্ৰেছ-এআইইউডিএফৰ সহস্ৰাধিক সমৰ্থক-কৰ্মীক লগত লৈ দাখিল কৰে মনোনয়ন পত্ৰ ৷ ধুবুৰী জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাৰ ওচৰত বিধায়ক গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰি সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এইবেলি ৰাজ্যত মহাজোঁট বন্ধনৰ চৰকাৰ হ'ব । মহাজোঁট বন্ধনৰ চৰকাৰৰ মুখ্যমন্ত্ৰী কংগ্ৰেছৰ পৰা হ'ব ৷ সেয়া দলীয় হাই কমাণ্ডে নিৰ্বাচিত কৰিব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ বাবে আজমল লালায়িত নহয় বুলিও স্পষ্ট কৰি দিয়ে নজৰুল হকে ।

আনহাতে, ধুবুৰী সমষ্টিত বিজেপি কোনো ফেক্টৰ নহয় বুলি দাবী কৰি এইবেলি কমেও এক লাখ ভোটত জয়ী হ'ব বুলি দাবী কৰে হকে ৷ বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ বিভিন্ন ইছ্যু লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলিও উল্লেখ কৰে নজৰুল হকে ।

মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ সময়ত প্ৰৱেশদ্বাৰত আৰক্ষীয়ে তেওঁৰ অধিবক্তাক বাধা প্ৰদান কৰাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰশাসন যন্ত্ৰই বিজেপিৰ হৈ কাম কৰে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে নিৰ্বাচনী বিষয়াক এই অভিযোগ দাখিল কৰিব বুলি উল্লেখ কৰে নজৰুল হকে ।

অন্য এক খবৰৰ বাবে: অসম জাতীয় পৰিষদত যোগদান ফণী পাঠকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.