ETV Bharat / state

পুনৰ ধুবুৰী আৰক্ষীৰ জালত কুখ্যাত গো মাফিয়া আদম আলী

author img

By

Published : Jan 28, 2021, 7:55 PM IST

ধুবুৰী আৰক্ষীৰ জালত কুখ্যাত গো মাফিয়া আদম আলী । কিছুদিন পূৰ্বে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছিল কুখ্যাত গো মাফিয়া আদম আলী । মুকলি আকাশৰ তললৈ আহিয়েই পুনৰ বাংলাদেশলৈ গৰু সৰবৰাহৰ বাবে সক্ৰিয় হৈ উঠিছিল ধৃত আদম আলী ।

পুনৰ ধুবুৰী আৰক্ষীৰ জালত কুখ্যাত গো মাফিয়া আদম আলী
পুনৰ ধুবুৰী আৰক্ষীৰ জালত কুখ্যাত গো মাফিয়া আদম আলী

ধুবুৰী, ২৮ জানুৱাৰী: বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহৰ মূল কাণ্ডাৰী কুখ্যাত গো মাফিয়া আদম আলী পুনৰ ধুবুৰী আৰক্ষীৰ জালত । গৰু সৰবৰাহৰ উপৰিও বিভিন্ন অপৰাধমূলক কাৰ্যৰে আৰক্ষীৰ নিদ্ৰা হৰণ কৰা কুখ্যাত গো মাফিয়া আদম আলীক বৃহস্পতিবাৰে গোলোকগঞ্জ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে ।

ঘটনা অনুসৰি, দুদিন পূৰ্বে ছাগলীয়া আৰক্ষীয়ে কণ্টেনাৰসহ জব্দ কৰিছিল ৩০ টাকৈ চোৰাং গৰু । পাচত আৰক্ষীয়ে আটক কৰিছিল কণ্টেনাৰৰ চালক আৰু হেণ্ডিমেনক । আৰক্ষীৰ জেৰাত চালক, হেণ্ডিমেনৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় আদামক । কিছুদিন পূৰ্বে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছিল কুখ্যাত গো মাফিয়া আদম আলী । মুকলি আকাশৰ তললৈ আহিয়েই পুনৰ বাংলাদেশলৈ গৰু সৰবৰাহৰ বাবে পুনৰ সক্ৰিয় হৈ উঠিছিল ধৃত আদম আলী ।

ধৃত আদম আলীক গ্ৰেপ্তাৰৰ পাচত কেতবোৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । আদমৰ জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ ধুবুৰী আৰক্ষী অধীক্ষকৰ । বাংলাদেশলৈ গৰুৰ চোৰাং চালানৰ বিনিময়ত আদামে সহায় কৰি আহিছে জেহাদী সংগঠনক । তাৰ বিনিময়ত জেহাদীৰ পৰা মাৰণাস্ত্ৰ লাভ কৰিছিল আদম আলীয়ে । কেৱল ইমানেই নহয় আদমৰ বিৰুদ্ধে অসমত জেহাদী সংগঠনক বিভিন্ন প্ৰকাৰে সহায় কৰাৰ অভিযোগো উত্থাপন হৈছে । সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ।

উল্লেখ্য যে, পূৰ্বে মহানগৰীৰ হাতীগাঁৱৰ পৰা অসম আৰক্ষীৰ অপৰাধ শাখা আৰু ধুবুৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল আদম আলী ।

লগতে পঢ়ক:বিধানসভা নিৰ্বাচনৰ বাবে অসম সংগ্ৰামী মঞ্চৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.