ETV Bharat / state

জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন দাবী আক্ৰাছুৰ - Accord demands tribalization

জনজাতিকৰণৰ দাবীৰে সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সংবাদ মেল ৷ ৩০ অক্টোবৰৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ কথা কোৱা চৰকাৰ খনে আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাত অসম চৰকাৰৰ স্থিতিত ক্ষুব্ধ হৈ ৭ জানুৱাৰী অন্তিম সময় সীমা বান্ধি দিছে সংগঠনটোৱে ৷

Accord demands tribalization and reconstitution of separate State of Kamatapur
জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন দাবী আক্ৰাছুৰ
author img

By

Published : Dec 23, 2020, 1:01 PM IST

পূৱ বিলাসীপাৰা, 23 ডিচেম্বৰ: পূৱ বিলাসীপাৰাৰ চাপৰৰ চৈবাৰীত জনজাতিকৰণৰ দাবীৰে সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সংবাদ মেল ৷ ১৯৯৬ চনতে জনজাতিকৰণৰ মৰ্যাদা লাভ কৰা কোঁচ ৰাজবংশীসকলক মৰ্যাদা প্ৰদান কৰিবলৈ আহ্বান জনাই সংবাদ মেল যোগে ৷ সংবাদমেল সম্বোধন কৰি জনজাতিকৰণৰ ক্ষেত্ৰত অসম চৰকাৰক ৭ জানুৱাৰী অন্তিম সময় সীমা বান্ধি দিয়ে সংগঠনটোৱে ৷ যোৱা ৩০ অক্টোবৰৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত অসম চৰকাৰৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰেৰণ কৰাৰ কথা আছিল যদিও আজিলৈকে প্ৰেৰণ কৰা নহ'ল এই প্ৰতিবেদন ৷ চৰকাৰৰ এনে স্থিতিত ক্ষুব্ধ হৈ পৰিছে আক্ৰাছু ।

জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন দাবী আক্ৰাছুৰ

ইফালে,১৬ ডিচেম্বৰত কোচবিহাৰৰ তুফানগঞ্জত দুষ্কৃতিকাৰীয়ে আক্ৰাছুৰ কৰ্মকৰ্তাক লাঠি-জোঙৰে আক্ৰমণ কৰাৰ লগতে আক্ৰাছুৰ স্বাভিমান জাতীয় পতাকা, গামোচা আদিক ভৰিৰে মোহৰাৰ উপৰিও মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ বিস্তৰ ক্ষতি সাধন কৰা ঘটনাক ধিক্কাৰ জনাই সংগঠনটোৱে ৷ এই ঘটনাৰ লগত জৰিত দোষীক পশ্চিমবংগ চৰকাৰে দৃষ্টান্তমূলক শাস্তিৰ প্ৰদানৰ দাবী জনায় ৷ অন্যথা পশ্চিম বংগ চৰকাৰৰ বিৰুদ্ধে কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ ভাবুকি প্ৰদান কৰে আক্ৰাছুয়ে ৷

লগতে পঢ়ক: অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী লুৰিণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.