ETV Bharat / state

ঘৰৰ ভিতৰত বাহন সোমাই মহতিয়াই লৈ গ’ল শুই থকা যুৱতীক

author img

By

Published : Aug 16, 2022, 9:00 PM IST

তীব্ৰবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এটা বাসগৃহৰ দেৱাল ভাগি ভিতৰত সোমাই যায় (Bolero met an accident in Dhuri)৷ ফলত বাসগৃহটোৰ ভিতৰত শুই থকা এগৰাকী 22 বছৰীয়া যুৱতী গুৰুতৰভাৱে হয় ৷

Vehicle entered house and hit the sleeping young woman
ঘৰৰ ভিতৰত বাহন সোমাই মহতিয়াই লৈ গ’ল শুই থকা যুৱতীক

ধুবুৰী, 16 আগষ্ট: ধুবুৰীৰ আদাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়(Accident in Dhubri)৷ তীব্ৰবেগী এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই সোমাই যায় এটা বাসগৃহৰ ভিতৰত ৷

জানব পৰা মতে মঙলবাৰে ধুবুৰী ফুলবাৰী দলঙৰ কামত নিয়োজিত এল এণ্ড টি কোম্পানীৰ কামত ব্যৱহাৰ কৰা AS-17-C-0611 নম্বৰৰ এখন বলে'ৰ বাহন এজন নিচাসক্ত চালকে চলাই গৈ দুৰ্ঘটনাটো সংঘটিত কৰা বুলি অভিযোগ উঠিছে ৷ তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা বাসগৃহৰ দেৱাল ভাগি ঘৰৰ ভিতৰত সোমাই যায় (Bolero met an accident in Dhuri)৷ দুৰ্ঘটনাটোত বাসগৃহটোৰ ভিতৰত শুই থকা এগৰাকী 22 বছৰীয়া যুৱতী গুৰুতৰভাৱে হয় ৷

লগে লগে যুৱতীগৰাকীক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্ত্তি কৰোৱা হয় ৷ ইতিমধ্যে ঘটনাস্থলীত কলেজ নগৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰে ৷ ইফালে এই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনখনৰ নিচাসক্ত চালকজন ৷ আৰক্ষীয়ে পলায়ন কৰা চালকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: পানীখাইতিত পানীত পৰি মৃত্যু এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.