ধুবুৰী, 23 এপ্ৰিলঃ অসমৰ চৈধ্যখন আসনৰ ভিতৰত আঠখনেই কংগ্ৰেছে লাভ কৰাৰ দাবী ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ । আজি ধুবুৰীৰ গোলকগঞ্জ সমষ্টিৰ ছাগলীয়া এম ই স্কুলৰ ভোট কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে আবু তাহেৰ বেপাৰীয়ে । অৱশ্যে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণৰ বাবে মাত্ৰ কেইমিনিটমান সাধাৰণ ভোটাৰৰ সৈতে শাৰী পাতি থাকি পোনে পোনে ভিতৰলৈ গৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে আবু তাহেৰ বেপাৰীয়ে । লগতে বিজেপি আৰু এসময়ৰ ৰাজনৈতিক গুৰু হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে প্ৰাৰ্থীগৰাকীয়ে ।
উল্লেখযোগ্য যে, ধুবুৰীত শান্তিপূৰ্ণ ভাৱে চলি আছে নিৰ্বাচনী প্ৰক্ৰিয়া ৷ দিনৰ এঘাৰ বজালৈকে ধুবুৰীত সম্পন্ন হয় ৩১.৫২% শতাংশ ভোটদান । অৱশ্যে পুৱাৰ ভাগত কেইটামান ভোটগ্ৰহণ কেন্দ্ৰৰ ই ভি এম বিকল হোৱাৰ বাতৰি পোৱা গৈছিল যদিও জিলা প্ৰশাসনৰ যথোচিত পদক্ষেপত তাৎক্ষণিকভাৱে আৰম্ভ হয় ভোটগ্ৰহণ ৷ আনহাতে ধুবুৰী লোকসভা আসনৰ অগপ, কংগ্ৰেছ আৰু টি এম চিৰ তিনিওগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে সাব্যস্ত কৰিছে নিজৰ ভোটাধিকাৰ ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামে মানকাচৰৰ এ এ লতিফ ইনষ্টিটিউচন উচ্চ মাধ্যমিক বিদ্যালয়ত সপত্নীক ভোটদান কৰে ।