ETV Bharat / state

দক্ষিণ শালমাৰা মানকাচাৰত আমছুৰ উত্তাল প্ৰতিবাদ - Etv Bharat

এন আৰ চিৰ শুনানিৰ নামত সংখ্যালঘু মানুহক হাৰাশাস্তি বন্ধ কৰা, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘন কৰি এন আৰ চি প্ৰকাশৰ অন্তিম সময়ত ৰি-ভেৰিফিকেচন কৰা বন্ধ কৰা, এছ অ' পিৰ ৫ নং দফা অনুসৰি ১৫ দিন পূৰ্বে জাননী প্ৰেৰণ কৰা আদিৰ দাবীত এই প্ৰতিবাদ আমছুৰ

দক্ষিণ শালমাৰা মানকাচাৰত আমছুৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Aug 10, 2019, 3:58 AM IST

Updated : Aug 10, 2019, 6:58 AM IST

  • দক্ষিণ শালমাৰা মানকাচাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট আমছুৰ
  • এন আৰ চিৰ শুনানীৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি বন্ধ কৰাৰ কেইবাদফীয়া দাবীত এই প্ৰতিবাদ আমছুৰ
  • লগতে এন আৰ চিৰ শুনানীলৈ যোৱাৰ সময়ত দুৰ্ঘটনাত নিহত লোকৰ নিকটাত্মীয়লৈ ১০ লাখ টকা আৰু আহতসকলক ৫ লাখ টকাকৈ সাহাৰ্য প্ৰদানৰ দাবী আমছুৰ
  • জিলা উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ স্মাৰক পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীৰ

দক্ষিণ শালমাৰা মানকাচাৰত আমছুৰ উত্তাল প্ৰতিবাদ
  • দক্ষিণ শালমাৰা মানকাচাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট আমছুৰ
  • এন আৰ চিৰ শুনানীৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি বন্ধ কৰাৰ কেইবাদফীয়া দাবীত এই প্ৰতিবাদ আমছুৰ
  • লগতে এন আৰ চিৰ শুনানীলৈ যোৱাৰ সময়ত দুৰ্ঘটনাত নিহত লোকৰ নিকটাত্মীয়লৈ ১০ লাখ টকা আৰু আহতসকলক ৫ লাখ টকাকৈ সাহাৰ্য প্ৰদানৰ দাবী আমছুৰ
  • জিলা উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ স্মাৰক পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীৰ
Intro:দক্ষিণ শালমাৰা মানকাচৰ জিলা হাটশিঙিমাৰী সদৰত আমছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট।
Body:ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দঃশালমাৰা মানকাচৰ জিলা আমছুৱে দঃশালমাৰা মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। উল্লেখ্য যে NRC ৰ শুনানিৰ নামত সংখ্যালঘু মানুহক হাৰাশাস্তি বন্ধ কৰা, উচ্চতম ন্যায়ালয়ৰ পুনৰ ৰি-ভেৰিফিকেচন কৰিব নালাগে বুলি দিয়া নিৰ্দেশনাক উলংঘা কৰি NRC প্ৰকাশৰ অন্তিম সময়ত ৰি-ভেৰিফিকেচনৰ নামত সংখ্যালঘু ৰাইজক কৰি থকা ষড়যন্ত্ৰ বন্ধ কৰা, SOP ৰ ৫ নং দফা অনুসৰি ১৫ দিন পূৰ্বে জাননী প্ৰেৰণ কৰা আৰু NRC শুনানীলৈ যোৱাৰ সময়ত পথ দুৰ্ঘটনাত নিহত হোৱা সকলোৰ নিকটাত্মীয়ক ১০ লাখ টকা আৰু আহত সকলোক চিকিৎসা কৰাৰ লগতে ৫ লাখকৈ টকা সাহায্য প্ৰদান কৰাৰ দাবীলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জিলা উপায়ুক্তৰ জৰিয়তে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Byte:- মাইদুল ইছলাম সৰকাৰ, সভাপতি দঃশালমাৰা মানকাচৰ জিলা আমছু।Conclusion:আমছুৰ প্ৰতিবাদৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰে নে নকৰে সেয়া পৰৱৰ্তী সময়তহে দেখা পোৱা যাব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : Aug 10, 2019, 6:58 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.