পশ্চিম বিলাসীপাৰা, 24 মাৰ্চ : আসন্ন বিধান সভা নিৰ্বাচনকলৈ ৰাজ্যৰ দল-সংগঠন সমূহ তৎপৰ হৈ পৰিছে ৷ প্ৰতিটো দল সংগঠনৰ নেতৃত্বই ৰচনা কৰিছে নিৰ্বাচন কেন্দ্ৰিক ৰণকৌশল ৷ পিছ পৰি থকা নাই সদৌ অসম সংখ্যালঘূ উন্নয়ন সন্থা চমুকৈ AAMDU ৷
মঙলবাৰে সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চামিন আলীয়ে বিলাসীপাৰা প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত মুকলিকৈ বিজেপি দলক সমৰ্থন কৰে ৷ আলীয়ে কয় যে, বিজেপি চৰকাৰে ভূমিপুত্ৰ গৰিয়া, মৰিয়া, দেশী আৰু সংখ্যালঘুসকলৰ সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰিছে ৷ কিন্তু পূৰ্বৰ কংগ্ৰেছ চৰকাৰে প্ৰতাৰণাৰ বাহিৰে আন একো নকৰিলে ৷
সেয়ে পৰিচয়, অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত গৰিয়া, মৰিয়া, দেশী তথা ভুমিপুত্ৰ সংখ্যালঘু সকলে বিজেপিৰ মিত্ৰজোঁটৰ পক্ষে ভুমিকা ল'ব বুলি মতপোষণ কৰে চামিন আলীয়ে ৷ বিলাসীপাৰা পূৱ আৰু পশ্চিম সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ক্ৰমে অশোক কুমাৰ সিংহী আৰু ডাঃ আবু বক্কৰ ছিদ্দিকৰ হৈ কাম কৰিবলৈ সমষ্টিবাসীক কেন্দ্ৰীয় সমিতিৰ সভাপতি আলীয়ে আহ্বান জনায় ৷ উক্ত সংবাদমেলখনতে সংগঠনটোৰ সভাপতিজনে পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থীৰ হকে এখন গোহাৰি পত্ৰ উন্মোচন কৰে ৷
লগতে পঢ়ক : লাহোৱাল, ডিব্ৰুগড় সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ