ETV Bharat / state

বিলাসীপাৰাত শোকাৱহ পথ দুৰ্ঘটনাত এজন ছাত্ৰৰ মৃত্যু - বিলাসীপাৰা

বিলাসীপাৰাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা ৷ বলেৰ' পিক আপ ভেনৰ খুন্দাত থিতাতে নিহত এজন ছাত্ৰ ৷

বিলাসীপাৰাত শোকাৱহ পথ দুৰ্ঘটনাত এজন ছাত্ৰৰ মৃত্যু
author img

By

Published : Sep 24, 2019, 11:12 AM IST

বিলাসীপাৰা, 24 ছেপ্টেম্বৰঃ বিলাসীপাৰাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেলতলীত মঙলবাৰে সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন দশম শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰ ৷ দীৰ্ঘদিন ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়োপাৰে অবৈধ মাছৰ ব্যৱসায় অব্যাহত থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে মঙলবাৰে পুৱা ঘাইপথটোৰ দাঁতিত ৰখাই থোৱা অৱস্থাত অবৈধ মাছ কঢ়িয়াই অনা এখন বলেৰ' বাহনক বিপৰীত দিশৰ পৰা অহা AS-01JC-7104 নম্বৰ বলেৰ' পিকআপ বাহনখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে | উক্ত সংঘৰ্ষৰ ফলত মাছ কঢ়িয়াই অনা বাহনখনত শ্ৰমিকৰূপে কাম কৰি থকা ছাত্ৰজনৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ নিহত ছাত্ৰজন হাকামা ৫ম খণ্ড গাঁৱৰ ছামাদ আলীৰ পুত্ৰ জাকাৰিয়া আলী বুলি জানিব পৰা গৈছে | ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই সেই স্থানতেই অবৈধ মাছ বিক্ৰীত ব্যস্ত হৈ থকা ব্যৱসায়ীসকলে মাছ কঢ়িওৱা বাহনসহ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ অবৈধ মাছ ব্যৱসায়ৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় ৰাইজে |

Intro:Anchor - বিলাসীপাৰাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেলতলীত মঙ্গলবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনাৰ |
ৰখি থোৱা মাছ কঢ়িওৱা বলেৰ'ক এখনক প্ৰচণ্ড জোৰে খুন্দা মাৰে আন এখন বলেৰ'ৰ পিক আপ ভেন | ফলত থিতাতে নিহত হয় দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ জাকাৰিয়া আলী |
ছাত্ৰ জন মাছ কঢ়িওৱা বাহন খনত শ্ৰমিক ৰূপে কাম কৰি আছিল | Body:V. O - ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে বেলতলীত দীৰ্ঘ দিন ধৰি চলি আহিছে অবৈধ মাছৰ ব্যৱসায় | তেনে মাছৰ (হাপা) বোৰত নিতৌ ৰাতিপুৱা বৰপেটা জিলাৰ পৰা বলেৰ' বাহনেৰে অবৈধ ভাবে মাছ কঢ়িয়াই আনি ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ দীৰ্ঘ দিনীয়া | আজিও বৰপেটাৰ পৰা মাছ কঢ়িয়াই আনি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাহন ৰখাই মাছ নমাই থাকে | তেনে সময়তে বিপৰিত দিশৰ পৰা অহা AS 01 JC - 7104 নম্বৰ বলেৰ' পিকআপ বাহন খনে প্ৰচণ্ড জোৰে খুন্দা মাৰে | ফলত মাছ নমাই থকা শ্ৰমিক ৰূপী দৰিদ্ৰ ঘৰৰ ছাত্ৰজন থিতাতে নিহত হয় | নিহত
ছাত্ৰজন হাকামা ৫ম খণ্ড গাঁৱৰ ছামাদ আলীৰ পুত্ৰ জাকাৰিয়া আলী বুলি জানিব পৰা গৈছে |Conclusion:দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় মাছ ব্যৱসায়ী সকলে মাছ কঢ়িওৱা বাহন খন সহ ঘটনাস্থলীৰ পৰা পলায়ন কৰে | অবৈধ মাছ ব্যৱসায়ৰ লগতে সমুদায় ঘটনাৰ তদন্ত ক্ৰমে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় ৰাইজে |
Byte স্থানীয় নাগৰিক,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.