ETV Bharat / state

12 বছৰে মুকলি নোহোৱা এটি স্বাস্থ্য কেন্দ্ৰ

author img

By

Published : May 17, 2021, 12:53 PM IST

পশ্চিম বিলাসীপাৰাৰ এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই উদঙাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰকৃত ছবিখন ৷ 2008 চনতে স্থাপন হোৱা গুটিপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো আজিলৈকে মুকলি নোহোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷

A health centre that has not been opened for 12 years
12 বছৰেৰ মুকলি নোহোৱা এটি স্বাস্থ্য কেন্দ্ৰ

পশ্চিম বিলাসীপাৰা,17 মে': ৰাজ্যৰ স্বাস্থ্য বিভাগত আমূল পৰিৱৰ্তনৰ শ্ল'গান চলি থকাৰ সময়তে পশ্চিম বিলাসীপাৰাৰ এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই উদঙাইছে স্বাস্থ্য বিভাগৰ প্ৰকৃত ছবিখন ৷ 2008 চনতে পশ্চিম বিলাসীপাৰাত স্থাপন হোৱা গুটিপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো আজিলৈকে মুকলি নহ'ল ৰাইজৰ বাবে ৷ তেতিয়াৰ চৰকাৰে প্ৰায় 87 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি তোলা স্বাস্থ্য কেন্দ্ৰটোত নিযুক্তি নিদিলে কোনো চিকিৎসক, নাৰ্চ অথবা স্বাস্থ্য কৰ্মীক ৷ যাৰ ফলত অঞ্চলটোৰ ৰাইজে 15-20 কিল’মিটাৰ পথ অতিক্ৰম কৰি ৰোগীক বিলাসীপাৰা চৰকাৰী চিকিৎসালয়লৈ নিবলগীয়া হয় ৷

উল্লেখ্য যে, স্বাস্থ্যকেন্দ্ৰটোৰ সংলগ্নকৈ নিৰ্মাণ কৰা হৈছিল চিকিৎসক তথা নাৰ্চৰ আৱাসগৃহ ৷ কিন্তু সম্প্ৰতি এই সকলোবোৰ পৰি ৰৈছে পৰিত্যক্ত অৱস্থাত ৷ বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে স্বাস্থ্য কেন্দ্ৰটোৰ গৃহবোৰ ক্ৰমাৎ জহি-খহি যাবলৈ আৰম্ভ কৰাৰ লগতে অসামাজিক কাৰ্যকলাপৰ মূল ঘাটিত পৰিণত হৈছে ৷ সেয়ে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো মুকলি কৰি দিবলৈ অনুৰোধ জনাইছে অঞ্চলবাসী ৰাইজে ৷

লগতে পঢ়ক: নাৰদা কেলেংকাৰী : কেবিনেট মন্ত্ৰীসহ টিএমচিৰ নেতাক গ্ৰেপ্তাৰ চিবিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.