ETV Bharat / state

জন প্ৰতিনিধিৰ চকুত নপৰা ধুবুৰীৰ এটা পৰিয়াল...

author img

By

Published : Oct 4, 2020, 7:59 PM IST

ধুবুৰীৰ জলেশ্বৰৰ অন্তৰ্গত মেদেৰটাৰীত বাস কৰা এটা পৰিয়ালে লক ডাউনৰ ফলত দুৰ্ভোগৰ সন্মুখীন হৈছে ৷ জন প্ৰতিনিধিৰ উদাসীনতা আৰু অকৰ্মণ্যতাৰ বাবে পৰিয়ালটো বঞ্চিত হৈ আহিছে চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা ৷

a family need help of Dhubri assam etv bharat news
জন প্ৰতিনিধিৰ চকুত নপৰা ধুবুৰীৰ এটা পৰিয়াল...

ধুবুৰী,4 অক্টোবৰ : ধুবুৰী জিলাৰ ফলিমাৰী গাওঁ পঞ্চায়তৰ কুন্তিৰচৰত হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা এটা পৰিয়াল বিধ্বস্ত হৈ পৰিছিল লক ডাউনৰ ফলত । আৰ্থিকভাৱে একপ্ৰকাৰ সৰ্বস্বান্ত পৰিয়ালটোৱে সম্প্ৰতি অনাহাৰ-অনিদ্ৰাৰে পাৰ কৰিছে দিন ৷ পূৰ্বে জলেশ্বৰ সমষ্টিৰ মেদেৰটাৰী অঞ্চলত বাস কৰা পৰিয়ালটোৰ ভেটি-মাটি জাহ যায় খহনীয়াত ৷ সম্প্ৰতি আনৰ মাটিতে অস্থায়ীভাৱে বাস কৰি আছে পৰিয়ালটো ৷ কিন্তু এই অঞ্চলটো পৰিয়ালটো বিপদমুক্ত নহয় ৷ কিয়নো যিকোনো মুহুৰ্তত পুনৰ খহনীয়াৰ কবলত পৰিব পাৰে পৰিয়ালটোৰ ভেটি-মাটি ৷ কিন্তু আজিলৈকে চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নাপালে দুৰ্ভগীয়া পৰিয়ালটোক ৷ চৰকাৰৰ দ্বাৰা অৱহেলিত হৈ পৰা পৰিয়ালটোৰ মুৰব্বী চুফিয়া খাতুনে এতিয়া ক্ষোভত ফাটি পৰিছে ।

উল্লেখ্য যে, চৰকাৰী বিষয়া তথা জন প্ৰতিনিধিৰ এনে উদাসীনতা আৰু অকৰ্মণ্যতাৰ বাবে এই পৰিয়ালসমূহ বঞ্চিত হৈ আহিছে চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা ৷ নিৰ্বাচনৰ পূৰ্বে ভোট ভিক্ষা কৰিবলৈ অহা প্ৰতিনিধিসকলে অৱহেলাৰ দৃষ্টিৰে চাই অহা বাবেই চুফিয়া খাতুনৰ দৰে শতাধিক পৰিয়ালে দুখৰ দিন অতিবাহিত কৰিবলগীয়া গৈছে ।

লগতে চাওকঃ তেজপুৰস্থিত সেনাৰ গজৰাজ ক'ৰৰ 58তম প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.