ধুবুৰী, 26 নৱেম্বৰঃ বৃহস্পতিবাৰে আবেলি ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ ধুবুৰীৰ এজন লোকে প্ৰাণ হেৰুৱালে । জানিব পৰা মতে, ধুবুৰী চহৰৰ তিনি নম্বৰ ৱাৰ্ডৰ পৰিমল দে'ৰ পুত্ৰ প্ৰণৱ দে' নামৰ 35 বছৰীয়া যুৱকজনে এজন আত্মীয়ৰ অন্তষ্টিক্ৰিয়া সম্পন্ন কৰি কেইজনমান বন্ধুৰ সৈতে ধুবুৰীৰ যোগময়া ঘাটত গা ধুবলৈ গৈছিল ৷
আটাইকেইজনে গা ধুই থাকোঁতেই হঠাৎ পানীত ডুব যায় প্ৰণৱ দে' নামৰ যুৱকজন । লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় বন্ধু কেইজনৰ মাজত ।
কিছু সময়ৰ পিচতে বিএছএফৰ 5 জনীয়া এটা দলে উদ্ধাৰ অভিযান চলায় ৷ উক্ত দলটোৱে যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ধুবুৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে ৷
লগতে পঢ়কঃশ্ৰমিক কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘট