ETV Bharat / state

CM in Dhubri : লাভ জেহাদৰ ঘটনাই দুটা সম্প্ৰদায়ৰ মাজত অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰে - ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা

ধুবুৰীত পালন কৰা হৈছে নৱম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।

CM in Dhubri
নৱম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দৃশ্য
author img

By

Published : Jun 21, 2023, 1:10 PM IST

নৱম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দৃশ্য

ধুবুৰী, 21 জুন : নৱম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে সমগ্ৰ বিশ্বতে ৷ দেশ তথা ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে ধুবুৰী জিলাতো কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । ধুবুৰীৰ ঝগৰাৰপাৰ ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা যোগ দিৱসত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । উল্লেখ্য যে, প্ৰতিকূল বতৰক নেওচি হাজাৰ হাজাৰ লোক আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী যোগ দিৱসৰ কাৰ্যসূচীত অংশ লৈ যোগাসন অথবা যোগৰ অনুশীলন কৰে । লক্ষণীয় বিষয়, পুৱা প্ৰায় চাৰে ছয় বজাত অনুশীলন আৰম্ভ হোৱাৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই স্বাস্থ্য ভাল ৰখা সন্দৰ্ভত পৰামৰ্শমূলক ভাষণ প্ৰদান কৰে ।

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ দীঘলীয়া ভাষণত শৰীৰ চৰ্চা, যোগাভ্যাস, শিক্ষা, সংস্কৃতি, ধৰ্ম আদি বিভিন্ন দিশ সামৰি ভাষণ প্ৰদান কৰে । ধুবুৰীত যথেষ্ট লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি, অভিভাৱকসকলে নিজৰ সন্তানটি সন্দৰ্ভত কিছু সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ আগবঢ়ায় ৷ সাংস্কৃতিক আৰু ধাৰ্মিক পৰিৱেশত এনে সমস্যাবোৰৰ উদ্ৰেক নঘটে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লাভ জেহাদৰ দৰে ঘটনাই দুটা সম্প্ৰদায়ৰ মাজত দূৰত্ব বৃদ্ধি কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে হিন্দু মুছলমান সকলোৱে যাতে মিলাপ্ৰীতিৰে থাকিব পাৰে সেয়াই আমাৰ লক্ষ্য বুলি উল্লেখ কৰে । লাভ জেহাদৰ ঘটনাই দুটা সম্প্ৰদায়ৰ মাজত অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰে বুলি উল্লেখ কৰাৰ লগতে হিন্দু মুছলমান দুয়োটা সম্প্ৰদায়ৰ লোকে লাভ জেহাদক প্ৰত্যাখ্যান কৰাৰ পোষকতা কৰে ।

যোগ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ উপৰিও কেইবাগৰাকী আমোলা বিষয়া উপস্থিত থাকে । তাৰোপৰি ধুবুৰী জিলা উপায়ুক্ত, ধুবুৰী পৌৰসভাৰ ৱাৰ্ড কমিছনাৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় অনুষ্ঠানটোত ।

লগতে পঢ়ক : International Yoga Day : তেজপুৰৰ যোগ দিৱসত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.