ধুবুৰী,৮ মে': সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ১৮-৪৪ বছৰৰ ভিতৰৰ লোকৰ ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া । জিলাখনৰ সাতটা টীকাকৰণ কেন্দ্ৰত এই প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে । ধুবুৰীৰ লায়ন্স ক্লাব, সীমান্ত চেতনা মঞ্চ, ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিলাসীপাৰা ৰাজহুৱা পুথিভঁৰাল আদিকে ধৰি জিলাখনৰ সাতটা টীকাকৰণ কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হৈছে ।
উল্লেখ্য যে, জিলাখনত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা । ইতিমধ্যে জিলাখনত ৮ জনকৈ ব্যক্তিয়ে ক'ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে । সম্প্ৰতি এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ধুবুৰীত । যাৰ ফলত শুকুৰবাৰে সকলোৱে ওলাই আহিছে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ । ইপিনে, বিশেষকৈ নৱ প্ৰজন্মই ওলাই আহিছে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ ৷ সকলো ৰাইজক ক'ভিড বিধি মানি চলাৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ বিনম্ৰতাৰে আহ্বান জনাইছে নৱ প্ৰজন্মই ।
লগতে পঢ়ক: দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক কণ্টেইনমেণ্ট জ’ন ঘোষণা