ETV Bharat / state

Agricultural Revolution in Jonai: জোনাইত কৃষি বিপ্লৱ; ড্ৰেগন ফলৰ খেতিৰে ঘটিছে লাখ লাখ টকা

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 7:07 PM IST

চাকৰিয়ে স্বাৱলম্বিতাৰ একমাত্ৰ উপায় নহয় । বহু সময়ত এই কথা প্ৰমাণিত হৈ আহিছে । স্বাৱলম্বী হোৱাৰো আছে ভিন্ন উপায় । তাকেই যেন প্ৰমাণ কৰি দেখুৱাইছে জোনাইৰ এগৰাকী শিক্ষিত যুৱকে ।

Self reliant educated youth in Jonai
ড্ৰেগন ফলৰ খেতিৰে ঘটিছে লাখ লাখ টকা
ড্ৰেগন ফলৰ খেতিৰে ঘটিছে লাখ লাখ টকা

জোনাই,২০ ছেপ্টেম্বৰ: কথাৰে নহয় বন্ধু, কামেৰেহে পৰিচয় । শিক্ষিত যুৱকৰ স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন । যি সময়ত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীয়ে চাকৰিৰ সন্ধানত হাবাথুৰি খাই বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, ঠিক তেনে সময়তে জোনাইৰ এজন শিক্ষিত যুৱকে দেখুৱাইছে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন । যুৱকজনৰ নাম ডিম্বেশ্বৰ স্বৰ্গীয়াৰী । Youtube ৰ শিক্ষাৰে কৰিছে খেতি । দুই বিঘা মাটিত ডিম্বেশ্বৰৰ কৃষি বিপ্লৱ ।

ঘৰৰ কাষতে থকা প্রায় দুই বিঘা মাটিত ডিম্বেশ্বৰ স্বৰ্গীয়াৰীয়ে বিজ্ঞানসন্মতভাৱে কৰিছে ৪৭২ জোপা ড্ৰেগন ফলৰ খেতি । Youtube ৰ পৰা চাই যোৱা প্ৰায় দুই বছৰৰ পূৰ্বে ধেমাজি জিলাৰ ভিতৰত প্ৰথমবাৰৰ বাবে এক ব্যক্তিক্ৰমী প্ৰচেষ্টাৰে ড্ৰেগন ফলৰ খেতি আৰম্ভ কৰি এতিয়া ড্ৰেগন ফল বিক্ৰী কৰি নিজৰ উপাৰ্জনৰ পথ মুকলি কৰাৰ লগতে ড্ৰেগন ফলৰ খেতিত মাজে সময়ে অন্য লোককো দিবলৈ সক্ষম হৈছে কৰ্ম সংস্থাপন ।

যুৱ কৃষকগৰাকীয়ে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য । কোনোধৰণৰ চৰকাৰী সহায়-সহযোগিতা লাভ নকৰাকৈও বৰ্তমানে নিজৰ ড্ৰেগন ফলৰ খেতিৰ পৰা স্থানীয় বজাৰত প্ৰতি কিলো ড্ৰেগন ফলত ৪০০ টকাকৈ বিক্ৰী কৰি মাহেকত লাভ কৰিবলৈ সক্ষম হৈছে হাজাৰ হাজাৰ টকা ৷ ইয়াৰ উপৰিও ডিম্বেশ্বৰ স্বৰ্গীয়াৰীয়ে ড্ৰেগন ফলৰ খেতিৰ মাজে মাজে ৰুইছে হাজাৰৰো অধিক মূল্যবান অগৰু গছ ৷ ৰুইছে ১১৮ জোপা ডালিম গছৰ লগতে শাক-পাচলি আদিও ৷ ইয়াৰ উপৰিও গাহৰি, মাছ পালনেৰে বছৰত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লাখ লাখ টকা ৷ সম্পূর্ণ জৈৱিক পদ্ধতিৰে এই ড্রেগন ফলৰ খেতি কৰি নিজে স্বাৱলম্বী হোৱা যুৱকজনৰ এনে প্ৰচেষ্টাক এতিয়া শলাগ লৈছে সকলোৱে ৷ আন দহগৰাকীৰ বাবে আদৰ্শ হৈ ৰওক যুৱ কৃষক ডিম্বেশ্বৰ স্বৰ্গীয়াৰী ।

লগতে পঢ়ক: Illegal timber mill Seized: অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে কলগাছিয়াত বন বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.