জোনাই,৩ আগষ্ট: জোনাই মহকুমাৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ বগৰীগুৰীত তিনিকুৰি কণ কণ শিশুক ফুটবলৰ প্ৰশিক্ষণ আগবঢ়াইছে একালৰ সুদক্ষ ফুটবল খেলুৱৈ শঙ্কৰ বসুমতাৰীয়ে । বৃহত্তৰ বগৰীগুৰী অঞ্চলৰ কণ কণ শিশু সকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে একক প্ৰচেষ্টাৰে যোৱা ২৪ জুলাইৰ পৰা বগৰীগুৰী বড়ো এম ভি স্কুলৰ খেলপথাৰত আৰম্ভ কৰিছে ফুটবল প্ৰশিক্ষণৰ(Football training provided by veteran football player in Jonai) ।
পয়ত্ৰিশ গৰাকী কিশোৰী আৰু পছিশ গৰাকী কিশোৰক প্ৰতিদিনে বিয়লি শাৰীৰিক অনুশীলন কৰোৱাই ফুটবল খেলৰ প্ৰশিক্ষণ প্ৰদান কৰিছে শঙ্কৰ বসুমতাৰীয়ে । কণ কণ শিশুসকলৰ ফুটবল প্ৰশিক্ষণৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শঙ্কৰ বসুমতাৰীয়ে কয় যে ছাত্ৰ-ছাত্ৰী সকলে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ উপৰি এগৰাকী সুষ্ঠ শৰীৰৰ গৰাকী হ'বলৈ নিয়মীয়াকৈ শাৰীৰিক অনুশীলনৰ যথেষ্ট প্ৰয়োজন ।
লগতে তেওঁ কয় যে সৰুৰে পৰাই শিশু সকলক ক্ৰীড়াৰ প্ৰতি ধাউতি বৃদ্ধি কৰিবলৈ সকলোৱে চিন্তা কৰিব লাগিব । যিহেতু ক্ৰীড়াক এতিয়া বহুতে জীৱন-জীৱিকাৰ পথ হিচাপে বাছি লৈছে ৷ গতিকে সৰুৰে পৰা শিশুসকলৰ মাজত ক্ৰীড়াসুলভ মন এটা গঢ়ি তুলিব লাগিব । চৰকাৰে ক্ৰীড়া ক্ষেত্ৰ আৰু খেলুৱৈৰ উন্নয়নৰ বাবে বহু আঁচনি গ্ৰহণ কৰিছে যদিও গ্ৰাম্যাঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰত এতিয়াও ইয়াৰ প্ৰভাৱ পৰা নাই বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় সুদক্ষ ফুটবল খেলুৱৈগৰাকীয়ে । উল্লেখযোগ্য যে শঙ্কৰ বসুমতাৰীয়ে চৰকাৰী চাকৰি আশা বাদ দি বড়ো ধানৰ খেতি, হাঁহ পালন আদি কৃষিকৰ্মৰে স্বাৱলম্বীতাৰ পথো দেখুৱাই আহিছে ।
লগতে পঢ়ক: Har Ghar Tiranga: গুজৰাটৰপৰা অসমৰ ডাকঘৰলৈ ৰাষ্ট্ৰীয় পতাকা !