ETV Bharat / state

ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ী আটক - huge amount of heroin seized at Dhemaji

সমগ্ৰ ৰাজ্য়তে অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ মাজতে ধেমাজিৰ চিলাপথাৰত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ হেৰ’ইন ৷ লগতে আটক হৈছে দুজন সৰবৰাহকাৰী ৷

two-drugs-peddler-with-a-huge-amount-of-heroin-seized-at-dhemaji
ধেমাজিত ব্ৰাউন চুগাৰ সহ দুজন ড্ৰাগছ ব্যৱসায়ী আটক
author img

By

Published : Jul 18, 2021, 10:03 PM IST

ধেমাজি, 18 জুলাই : ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযানত প্ৰায় প্ৰতিখন জিলাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী জব্দ হোৱাৰ সময়তে দেওবাৰে ধেমাজিৰ চিলাপথাৰৰ পৰা দুজন ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ লগতে জব্দ কৰে 19 গ্ৰাম হেৰ'ইনসহ বহু আপত্তিজনক সামগ্ৰী ৷ ধেমাজি আৰক্ষীৰ উপ পৰিদৰ্শক নেকিবুদ্দিন আহমেদৰ নেতৃত্বত যোৱা আৰক্ষীৰ এক দলে চলাইছিল এই অভিযান ৷

উল্লেখ্য যে, গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষীৰ দলটোৱে ধেমাজি জিলাৰ চিলাপথাৰৰ কাৰ্পুনপুলিত অভিযান চলাই চিলাপথাৰ-জোনাই ৰোড সংযোগী পথৰ পৰা কৰায়ত্ত কৰে ড্ৰাগছ সৰবৰাহকাৰী দুজনক ৷ আটকাধীন দুজন ধেমাজি গোঁহাই গাঁৱৰ আকাশ বৰগোঁহাই আৰু চিলাপথাৰ কৰ্পুনপুলি গাঁৱৰ মানস পাইত বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ধৃত ব্যৱসায়ী দুজনৰ পৰা 19 গ্ৰাম হেৰ'ইন, নগদ 9280 টকা, দুটা ম’বাইল হেণ্ডচেট, এটা চিৰিঞ্জ আৰু এখন চাইকেল জব্দ কৰে আৰক্ষীয়ে ৷ জব্দ কৃত ব্ৰাউন চুগাৰখিনিৰ মূল্য আনুমানিক প্ৰায় ডেৰ লাখ টকা ৷

ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ী আটক

আৰক্ষীয়ে ইতিমধ্যে ধৃত লোক দুজনক জেৰা অব্যাহত ৰাখিছে ৷ আটকাধীন দুজনক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা ড্ৰাগছৰ বিৰুদ্ধে বিশেষভাৱে সষ্টম হৈ পৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আইনৰ গণ্ডীৰ মাজত থাকি ড্ৰাগছ সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতৰ হ'বলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ যাৰ বাবে অসম আৰক্ষীয়ে প্ৰতিখন জিলাতে অধিক ক্ষীপ্ৰতাৰে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ বৰ্তমান প্ৰতিখন জিলাতে আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছসমূহ নষ্ট কৰা কাৰ্যসূচীত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী ৷

লগতে পঢ়কঃ নগাঁৱত ৰ’লাৰ চালকৰ ৰূপত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.