ETV Bharat / state

Ripun Bora slams BJP: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি ভুল কৰিছে বিজেপিয়ে: ৰিপুন বৰা - এনকাউণ্টাৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা প্ৰসংগক লৈ সৰৱ হ’ল অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা (Assam TMC president Ripun Bora) ৷ বিজেপি চৰকাৰক স্বৈৰাচাৰী আখ্যা দি এই কাৰ্যই বিৰোধীক অধিক শক্তিশালী কৰিব বুলি দাবী ৰিপুন বৰাৰ ৷ প্ৰশ্নকাকত ফাদিল, ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰ, উচ্ছেদ অভিযান আদিক লৈয়ো সৰৱ হ’ল ৰিপুন বৰা ৷

Ripun Bora slams BJP
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি ভুল কৰিছে বিজেপিয়ে : ৰিপুন বৰা
author img

By

Published : Mar 25, 2023, 8:04 PM IST

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি ভুল কৰিছে বিজেপিয়ে : ৰিপুন বৰা

ধেমাজি, 25 মাৰ্চ: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা সন্দৰ্ভত শনিবাৰে ধেমাজিত প্ৰতিক্ৰিয়া প্ৰকাশ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ ৰিপুন বৰাই কয়, ‘‘ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি বিজেপিয়ে চৰম স্বৈৰাচাৰিতা নিদৰ্শন দাঙি ধৰিছে ৷ নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাব পৰা মানুহক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে ৷ বিজেপিত ইমান দুৰ্নীতিপৰায়ণ নেতা আছে যদিও তেওঁলোকৰ ওপৰত একো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস নাই (Rahul Gandhi disqualified from parliament) ৷’’

বিৰোধীৰ ওপৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ব্যৱহাৰ কৰি নিষ্ক্ৰিয় কৰিব বিচাৰিছে বুলিও মন্তব্য ৰিপুন বৰাৰ ৷ তদনীন্তন জনতা পাৰ্টী চৰকাৰে ইন্দিৰা গান্ধীৰো সাংসদ পদ খাৰিজ কৰিছিল বুলি উল্লেখ কৰি ৰিপুন বৰাই কয় যে নৰেন্দ্ৰ মোডীয়ে ভুল কৰিছে, তেওঁ ইতিহাস পঢ়ক (Ripun Bora reacts on Rahul Gandhi case) ৷

তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়েও এই কাৰ্যক ধিক্কাৰ দিছে বুলি সদৰী কৰে ৰিপুন বৰাই (Rahul Gandhi defamation case) ৷ এয়া নৰেন্দ্ৰ মোডীৰ বাবে কাল হ’ব আৰু বিৰোধী একত্ৰিত হৈ অধিক শক্তিশালী হ’ব বুলি দাবী কৰে ৰিপুন বৰাই ৷ 2024 চনৰ নিৰ্বাচনত নৰেন্দ্ৰ মোডী ভাৰতৰ পৰা উৎখাত হ’ব বুলিও দাবী কৰে ৰিপুন বৰাই ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াৰ সকলো দায়িত্ব চৰকাৰে ল’ব লাগিব বুলিও মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীৰ ৷ চৰকাৰে বিষয়টোৰ পৰা নিলগত থাকি কেৱল বিদ্যালয়ৰ শিক্ষকসকলক দোষাৰোপ কৰিলেই নহ’ব বুলি সকীয়নি প্ৰদান কৰে ৰিপুন বৰাই ৷ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত তৃণমূল কংগ্ৰেছে উচ্চ পৰ্যায়দৰ দাবী কৰিছে বুলি মন্তব্য ৰিপুন বৰাৰ (HSLC equation paper leak) ৷

ইফালে, ৰাজ্যত চলি থকা এনকাউণ্টাৰ, উচ্ছেদ অভিযান আদি প্ৰসংগতো সৰৱ হয় ৰিপুন বৰা ৷ মুখ্যমন্ত্ৰীয়ৰ নিৰ্দেশত বহু ডেকা ল‘ৰাক এনকাউণ্টাৰ কৰি হত্যা কৰা বুলিও অভিযোগ উত্থাপন কৰে ৰিপুন বৰাই (Encounter in Assam) ৷

উল্লেখ্য যে তৃণমূল কংগ্ৰেছক জনমুখী কৰি আগন্তুক নিৰ্বাচনৰ বাবে সাংগঠনিক দিশ শক্তিশালী কৰি কি দৰে সাজু হ’ব পাৰি সেই উদ্দেশ্য আগত ৰাখি শনিবাৰে ধেমাজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় মাণ্ডলিক প্ৰশিক্ষণ শিবিৰ ৷ 6 খন জিলাক সামৰি আয়োজন কৰা এই মাণ্ডলিক প্ৰশিক্ষণ শিবিৰ ৷

লগতে পঢ়ক: Third Bodo Peace accord: তৃতীয় বড়ো শান্তি চুক্তিৰ দফা ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে ইউবিপিঅ’ৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.