ETV Bharat / state

কেবিনেট বৈঠকৰ বাবে ধেমাজিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা - ধেমাজি জিলাৰ উপায়ুক্ত কাৰ্যালয়

ধেমাজিত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ ইতিমধ্যে বৈঠকলৈ প্ৰস্তুতি প্ৰায়ে সম্পূৰ্ণ কৰিছে ধেমাজিৰ জিলা প্ৰশাসনে ৷

cabinet meeting in dhemaji
কেবিনেট বৈঠকলৈ ধেমাজিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
author img

By

Published : Sep 29, 2021, 7:43 PM IST

ধেমাজি, 29 ছেপ্টেম্বৰ : প্ৰথমবাৰৰ বাবে ধেমাজিত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ ইতিমধ্যে বৈঠকলৈ প্ৰস্তুতি প্ৰায়ে সম্পূৰ্ণ কৰিছে ধেমাজিৰ জিলা প্ৰশাসনে ৷ ধেমাজি নগৰৰ মূলপথ সমূহত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ধেমাজি জিলা আৰক্ষীয়ে ৷

cabinet meeting in dhemaji
কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ধেমাজি তিনি আলি পৰা চাৰিআলিলৈকে মূলপথেৰে যানবাহন চলাচলত বাধা প্ৰদান কৰা লগতে ধেমাজি জিলাৰ উপায়ুক্ত কাৰ্যালয় আৰু আবৰ্ত ভৱনত আৰক্ষীয়ে নিছিদ্ৰ পহৰা ব্যৱস্থা কৰিছে ৷ সুন্দৰকৈ সজাই তোলা হৈছে সদৰৰ আবৰ্ত ভৱনটো ৷

লগতে পঢ়ক: কেৰালাৰ পাৰ্শীৰাজাৰ ব্ৰিটিছ সাম্ৰাজ্যবিৰোধী সংগ্ৰামৰ কাহিনী

ইয়াৰোপৰি, নতুনকৈ পাৰ্কিং স্থলীও নিৰ্মাণ কৰা হৈছে ৷ উপায়ুক্ত কাৰ্যালয়ৰ বাহিৰে ভিতৰে মেৰামতি তথা সভাকক্ষটো অত্যাধুনিক সা-সুবিধাৰে পৰিপূৰ্ণ কৰি তোলাৰ হৈছে ৷

cabinet meeting in dhemaji
কেবিনেট বৈঠকলৈ ধেমাজিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

জানিব পৰা মতে, বুধবাৰে নিশাটোৰ বাবে ধেমাজি জিলা আৱৰ্ত ভৱনৰ ১ নং কোঠাত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আন দহ গৰাকী কেবিনেট মন্ত্ৰীয়ে আন কোঠা সমূহত থকাৰ পৰিবৰ্তে তিনি গৰাকীয়ে মিছিং স্বায়ত্ত্ব শাসিত পৰিষদৰ অতিথিশালাত নিশাটো কটাব ৷

লগতে পঢ়ক: কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ পেকেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.