ETV Bharat / state

আংশিক লকডাউনৰ গ্ৰাসত নাৰ্ছাৰী ব্যৱসায় - বিশ্ব পৰিৱেশ দিৱস

কৰ'ণাৰ সংহাৰত কম-বেছি পৰিমানে হ'লেও ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ প্ৰতিটো খণ্ড ৷ আন আন ব্যৱসায়ৰ লগতে লকডাউনৰ কবলত পৰি বাৰুকৈয়ে প্ৰভাৱিত হৈছে ৰাজ্যৰ নাৰ্ছাৰীসমূহো ৷ ধেমাজি নগৰৰ সমীপৰ তেলিজানস্থিত অন্যতম বিষ্ণুপ্ৰিয়া নাৰ্ছাৰীতো একেই পৰিৱেশ ৷ এইবেলি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতো গ্ৰাহকৰ মুখ নেদেখিলে বিভিন্ন সময়ত ক্ৰেতাৰে ভৰি থকা নাৰ্ছাৰীখনে ৷

as_dmj_the_nursery_business_is_effected_in_partial_lockdown_vis_as10021
আংশিক লকডাউনৰ গ্ৰাসত নাৰ্চাৰী ব্যৱসায়
author img

By

Published : Jun 6, 2021, 8:17 PM IST

ধেমাজি,6 জুন: ৰাজ্যজুৰি কৰ'ণাই সংহাৰী ৰূপ ধাৰণা কৰাত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে জন জীৱন ৷ কম-বেছি পৰিমাণে হ'লেও ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ প্ৰতিটো খণ্ড ৷ আন আন ব্যৱসায়ৰ লগতে লকডাউনৰ কবলত পৰি বাৰুকৈয়ে প্ৰভাৱিত হৈছে ৰাজ্যৰ নাৰ্ছাৰীসমূহো ৷ বিগত বছৰসমূহত বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত ৰাজ্যৰ নাৰ্ছাৰীসমূহত ভিৰ কৰিছিল বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় দল-সংগঠনৰ বিষয়ববীয়াসকলে ৷ কিন্তু এইবেলি কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে নাৰ্ছাৰীসমূহত দেখা নগ'ল ক্ৰেতা অথবা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি ৷

আংশিক লকডাউনৰ গ্ৰাসত নাৰ্চাৰী ব্যৱসায়

একেই পৰিৱেশ ধেমাজি নগৰৰ সমীপৰ তেলিজানস্থিত অন্যতম বিষ্ণুপ্ৰিয়া নাৰ্ছাৰীত ৷ বিভিন্ন সময়ত ক্ৰেতাৰে ভৰি থকা নাৰ্ছাৰীখনত এইবেলি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত দেখা গ'ল উকা পৰিৱেশ ৷ নাৰ্ছাৰীখনৰ স্বত্বাধিকাৰী দেৱেন দত্তই জনোৱা মতে, বিশ্ব পৰিৱেশ দিৱস বুলিয়েই বিভিন্ন ফুলৰ 40-50 টা প্ৰজাতি, 200 ৰো অধিক আলংকাৰিক গছপুলি আৰু 15-20 বিধ মূল্যৱান বৃক্ষজাতৰ গছপুলি ৰাখিছিল যদিও মন্দা হৈ থাকিল ব্যৱসায় ৷

ইফালে, আন্তঃ জিলা যাতায়ত ব্যৱস্থা সম্পূৰ্ণ ৰূপে বন্ধ হৈ থকাৰ বাবেও ব্যৱসায়ত অধিক লোকচান হোৱা বুলিও সদৰি কৰে ব্যৱসায়ীগৰাকীয়ে ৷ বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত কেৱল গছপুলি ৰোপণ কৰিলেই নহয় তাক পৰিচৰ্যা কৰাৰো প্ৰয়োজন বুলি মন্তব্য কৰে ব্যৱসায়ীগৰাকীয়ে ৷

লগতে পঢ়ক: এবছৰে সম্পূৰ্ণ নহ’ল ৰঙিয়া-বগৰীবাৰীৰ ভগ্ন মথাউৰিৰ কাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.