ধেমাজি, 18 জুন: অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰু ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনী, জোনাই প্রাথমিক শিক্ষক সন্মিলনী, নিখিল বড়ো প্রাথমিক শিক্ষক সন্থা, সদৌ অসম প্রাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ আৰু সদৌ অসম ষ্টেটপুল শিক্ষক সন্থাৰ সহযোগত প্রাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে এক মত বিনিময় অনুষ্ঠানৰ শনিবাৰে আয়োজন কৰা হয় ৷ মত বিনিময় অনুষ্ঠানটোত সমস্যাটিৰ স্থায়ী সমাধানৰ লগতে ধেমাজি জিলা প্রাথমিক শিক্ষক সন্মিলনীয়ে চলাই নিয়া সংগ্ৰামখনৰ পৰৱৰ্তী ৰূপৰেখা প্ৰস্তুতৰ বিষয়েও আলোচনা কৰা হয় ৷ ধেমাজি বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত হয় এই মত-বিনিময় অনুষ্ঠানটো ৷
ধেমাজি জিলা প্রাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ধীৰেন গগৈৰ সঞ্চালনাত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানটোৰ আঁত ধৰে সন্মিলনীৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক দিপাংকৰ শৰ্মাই ৷ সভাত ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই, ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈ, ধেমাজি জিলা প্রাথমিক শিক্ষক সন্মিলনীৰ মুখ্য উপদেষ্টা উমেশ পাদুনৰ লগতে বিভিন্ন লোক উপস্থিত থাকি শিক্ষক সন্মিলনীৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন আগবঢ়ায় ৷
উল্লেখ্য যে, স্বাধীনতাৰ 75 বছৰ পিচতো অসমৰ বহু প্ৰাথমিক বিদ্যালয় আজিও চলি আছে মুৰব্বীবিহীনভাৱে ৷ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষকজনক তথাকথিত মুৰব্বী পাতি বিদ্যালয় পৰিচালনাৰ কাম শিক্ষা বিভাগে চলাই আহিছে ৷ বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্বত থকা প্ৰতিগৰাকী শিক্ষকে সকলোধৰণৰ বিত্তীয় লেনদেন, বিদ্যালয়ৰ তথ্য সংৰক্ষণ, বিদ্যালয়ৰ উন্নয়নমূলক কামৰ তদাৰক, মধ্যাহ্নভোজন পৰিচালনা, শৈক্ষিক দায়িত্ব আদি পালন কৰি আহিছে । ৰাজ্য চৰকাৰৰ বিভিন্ন পৰ্যায়ত এতিয়ালৈ প্ৰায় 40 বাৰ আনুষ্ঠানিক আলোচনা আৰু শতাধিক অনানুষ্ঠানিক আলোচনা কৰাৰ পাছতো সমস্যাটো সমাধান নোহোৱাত সমস্যাৰ মুখামুখি হৈছে প্ৰাথমিক শিক্ষকসকলে ।
লগতে পঢ়ক : Angoorlata Deka at Matia : জোনালী নাথৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ দাবী