ETV Bharat / state

ETV Bharat news impact : অৱশেষত অসুস্থ ছাত্ৰীৰ চিকিৎসাৰ দায়িত্ব ল'লে শিক্ষকে

প্ৰায় ৬ মাহ পূৰ্বে ডেকাপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকগৰাকীয়ে প্ৰহাৰ কৰাৰ ফলত অসুস্থ হৈ পৰিছিল ছাত্ৰীগৰাকী (Student brutally tortured by teacher in Jonai)। সামান্য চিকিৎসা কৰাই দায়িত্ব সামৰিছিল শিক্ষকে । সংবাদমাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে অসুস্থ ছাত্ৰীগৰাকীৰ সমস্ত চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিলে শিক্ষকগৰাকীয়ে ।

author img

By

Published : Dec 18, 2022, 6:05 PM IST

ETV Bharat news impact
অসুস্থ ছাত্ৰীৰ চিকিৎসাৰ দায়িত্ব ল'লে শিক্ষকে

জোনাই, ১৮ ডিচেম্বৰ : জোনাইৰ ডেকাপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক সাধাৰণ কথাতে প্ৰহাৰ কৰিছিল বিদ্যালয়খনৰে এগৰাকী শিক্ষকে । ছমাহৰ পূৰ্বে সংঘটিত হৈছিল ঘটনাটো (Teacher beating student at Jonai)। বিষয় শিক্ষক কামদেৱ পাইটৰ প্ৰহাৰত ছাত্ৰীগৰাকী অসুস্থ হৈ পৰিছিল । কিন্তু দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ কিছুদিন চিকিৎসা কৰাৰ পাছতে দায়িত্ব সামৰিছিল শিক্ষকগৰাকীয়ে ।

ইফালে সম্পূৰ্ণ সুস্থ হোৱা নাছিল ছাত্ৰীগৰাকী । শেহতীয়াকৈ সংবাদ মাধ্যমত ছাত্ৰীৰ পৰিয়ালে ক্ষোভ প্ৰকাশ কৰে । ইটিভি ভাৰততো সম্প্ৰচাৰ হৈছিল বাতৰিটো । সেই বাতৰি প্ৰচাৰ হোৱাৰ পাছতে পুনৰ আগবাঢ়ি আহিছে শিক্ষকগৰাকী (ETV Bharat news impact)।

ছাত্ৰীগৰাকীৰ সমস্ত চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিলে শিক্ষক কামদেৱ পাইটে (Teacher takes responsibility for student treatment)। শনিবাৰে জোনাই ঙাচাৰচুক উকুমত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে শিক্ষকগৰাকীয়ে । সংবাদমেলত বিদ্যালয়খনৰ শিক্ষকৰ লগতে ছাত্ৰীগৰাকীৰ পৰিয়ালো উপস্থিত থাকে । ইফালে শিক্ষকগৰাকীৰ এনে পদক্ষেপত আদৰণি জনাইছে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পিতৃয়ে ।

ছাত্ৰীগৰাকীৰ পৰিয়ালে পূৰ্বে অভিযোগ কৰা মতে, প্ৰায় ৬ মাহ পূৰ্বে ডেকাপাম উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ সময়ত অজানিতে ম'বাইল নম্বৰ ভুলকৈ দিছিল ছাত্ৰীগৰাকীয়ে ৷ এই ভুলৰ বাবেই ছাত্ৰীগৰাকীক কাণত প্ৰহাৰ কৰিছিল ডেকাপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক কামদেৱ পাইটে (Student brutally tortured by school teacher) । ফলত থিতাতে মূৰ্ছা গৈছিল ছাত্ৰীগৰাকী ৷ পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীক ডেকাপাম উপ-স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় ৷

কিন্তু প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে ছাত্ৰীগৰাকীক উন্নত চিকিৎসা কৰাবলৈ পৰামৰ্শ দিয়ে ৷ সেই সময়ত ভয়ত বিতত হৈ অভিযুক্ত শিক্ষক কামদেৱ পাইটে ভুক্তভোগী ছাত্ৰীগৰাকীৰ চিকিৎসাৰ সমস্ত দায়িত্ব গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে ৷ কিন্তু ভুক্তভোগী ছাত্ৰীগৰাকীৰ কিছু সাধাৰণ চিকিৎসা কৰিয়েই দায়িত্ব সামৰে শিক্ষক কামদেৱ পাইটে ৷ ঘটনাৰ প্ৰায় ৬/৭ মাহ পাৰ হৈ যোৱাৰ পাছতো ভুক্তভোগী ছাত্ৰীগৰাকীৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাতো দূৰৰ কথা ছাত্ৰীগৰাকীৰ খবৰ লোৱা নাছিল শিক্ষকগৰাকীয়ে ৷

অৱশেষত সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰিছিল ভুক্তভোগী ছাত্ৰীগৰাকীৰ অভিভাৱকে ৷ অৱশ্যে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ ভুল স্বীকাৰ কৰিছে শিক্ষকগৰাকীয়ে । ইফালে সুস্থ নোহোৱা পৰ্যন্ত ছাত্ৰীগৰাকীৰ চিকিৎসাৰ দায়িত্ব ল'ব বুলিও প্ৰতিশ্ৰুতি দিছে শিক্ষকগৰাকীয়ে ।

লগতে পঢ়ক :Teacher beating student update: আজিও সুস্থ হৈ উঠা নাই শিক্ষকৰ প্ৰহাৰত আহত হোৱা ছাত্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.