জোনাই,৪ নৱেম্বৰ : ৰাজ্যৰ বিদ্যালয়সমূহৰ বাবে বিভিন্ন ধৰণৰ নিৰ্দেশনা দিছে জাৰী কৰিছে শিক্ষা বিভাগে (Guide line for Govt school)। নতুন নতুন নীতি নিয়মো জাৰী কৰিছে চৰকাৰে । বিদ্যালয় একত্ৰিকৰণ, অত্যাধুনিক সা-সুবিধাৰে বিদ্যালয় স্থাপন আদিতো গুৰুত্ব দিছে চৰকাৰে ।
বিভিন্ন সময়ত আকৌ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ স্বাৰ্থত চৰকাৰে পদক্ষেপ হাতত লৈছে । কিন্তু চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ কিছুমান স্বভাৱ আজিলৈ সলনি কৰিব নোৱাৰিলে চৰকাৰ তথা শিক্ষা বিভাগে । বিদ্যালয়ত অনিয়মীয়া উপস্থিতি, মধ্যহ্ন ভোজনত খেলিমেলি আদি বিভিন্ন ধৰণৰ ঘটনা ৰাজ্যৰ বহু বিদ্যালয়ত সংঘটিত হৈ আছে ।
তাৰ মাজতে জোনাইৰ এখন বিদ্যালয়ৰ শিক্ষকসকলৰ আজৱ কাণ্ডই অতিষ্ঠ কৰি তুলিছে স্থানীয় লোকসকলক । শিক্ষকসকলৰ কৰ্মকাণ্ড দেখিলে আপুনিও আচৰিত হ'ব । পুৱা ১০ বজাৰ পাছতো বিদ্যালয়খনত উপস্থিত নহয় এজনো শিক্ষক (Irregularities of teachers in Jonai)। যাৰ বাবে শিক্ষাদানত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে ।
শিক্ষকসকলৰ এনে কৰ্মকাণ্ডত শিক্ষাৰ্থী আৰু অভিভাৱকসকল ক্ষোভিত হৈ পৰিছে । ধেমাজিৰ জোনাইস্থিত নলিনী পাম প্ৰাথমিক বিদ্যালয়ৰ ঘটনা এয়া । অসমৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিতে এই ঘটনা সংঘটিত হৈছে । শিক্ষাৰ্থীসকল ৯ বজাতে আহি বিদ্যালয়ত উপস্থিত হয় যদিও ১০ বজাৰ পাছতো বিদ্যালয়লৈ নাহে শিক্ষক-শিক্ষয়িত্ৰীসকল ।
জানিব পৰা মতে বিদ্যালয়খনত তিনিগৰাকী শিক্ষক-শিক্ষয়িত্ৰী আছে । ৩ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ বিপৰীতে বিদ্যালয়ত আছে ২৭ গৰাকী ছাত্ৰ-ছাত্ৰী । কিন্তু তিনিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ এগৰাকীও বিদ্যালয়ত সময়মতে উপস্থিত নহয় । স্থানীয় লোকৰ অভিযোগ অনুসৰি প্ৰায়ে বিদ্যালয়ত সময়ত উপস্থিত নহয় শিক্ষক-শিক্ষয়িত্ৰীসকল । ইয়াৰ উপৰিও বিদ্যালয়খনৰ প্ৰধান শিক্ষক দেৱ সোণোৱালে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক সপ্তাহত মাত্ৰ দুই-তিনিদিনহে মধ্যাহ্ন ভোজনৰ যোগান ধৰে ।
মুঠতে চৰকাৰৰ নিৰ্দেশনালৈ কোনো গুৰুত্ব নাই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ । যাৰ বাবে উক্ত বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা বুলি অভিযোগ কৰিছে অভিভাৱকসকলে । শিক্ষাৰ্থীৰ ভৱিষ্যতৰ কথা চিন্তা নকৰা আৰু চৰকাৰী নিৰ্দেশনা পালন নকৰা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বিৰুদ্ধে অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে অভিভাৱক তথা স্থানীয় লোকসকলে ।
লগতে পঢ়ক :Assam Book Fair : আজিৰে পৰা 10 দিনীয়াকৈ ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা