ETV Bharat / state

ৰাষ্ট্ৰীয় ষ্টুডেণ্ট ক্ৰীড়া সমাৰোহত সোণৰ পদক অৰ্জন জোনাইৰ তিনি খেলুৱৈৰ

author img

By

Published : Nov 3, 2021, 9:53 PM IST

ষ্টুডেণ্ট গেমছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ সৌজন্যত ৰাজস্থানৰ জয়পুৰৰ পূৰ্ণিমা বিশ্ববিদ্যালয়ত 29 অক্টোবৰ পৰা 31 অক্টোবৰলৈ অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন ৷

taekwondo-players
জোনাইৰ টাইকোৱানডো খেলুৱৈ

জোনাই, 3 নৱেম্বৰ : ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত পঞ্চম সংখ্যক ৰাষ্ট্ৰীয় ষ্টুডেণ্ট ক্ৰীড়া সমাৰোহত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে জোনাইৰ তিনি টাইকোৱানডো খেলুৱৈয়ে । ষ্টুডেণ্ট গেমছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ সৌজন্যত ৰাজস্থানৰ জয়পুৰৰ পূৰ্ণিমা বিশ্ববিদ্যালয়ত 29 অক্টোবৰ পৰা 31 অক্টোবৰলৈ অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন ৷

জোনাইৰ টাইকোৱানডো খেলুৱৈ

ৰাষ্ট্ৰীয় ষ্টুডেণ্ট ক্ৰীড়া সমাৰোহ 2021ত সোণৰ পদক অৰ্জন কৰা খেলুৱৈ তিনিগৰাকী হৈছে বিপুল সোণোৱাল, ঘনশ্যাম পাংগিং আৰু দিনেশ পাচাৰ ৷ বিপুল সোণোৱাল জোনাই টাইকোৱানডো ক্লাৱৰ প্ৰশিক্ষক ৷ বিপুল সোণোৱালে 25 বছৰ বয়সৰ 54 কেজি ওজনৰ চিনিয়ৰ শাখাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰে ।

ইপিনে জোনাই টাইকোৱানডো ক্লাৱৰ টাইকোৱানডো খেলুৱৈ ঘনশ্যাম পাংগিঙে 17 বছৰ বয়সৰ 55 কেজি ওজনৰ শাখা আৰু দিনেশ পাচাৰে 12 বছৰ বয়সৰ 40 কেজি ওজনৰ শাখাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰে । খেলুৱৈ তিনিগৰাকী বুধবাৰে পুৱা ৰে'লেৰে আহি জোনাইত উপস্থিত হোৱাৰ পিছত মুৰ্কংচেলেক ৰে'ল ষ্টেচনত ৰাইজে বিপুল সম্বৰ্ধনা জনায় ।

লগতে পঢ়ক : উত্তৰ-পূৱৰ প্ৰতিটো বিমানবন্দৰৰ মাজত চলিব বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.