ধেমাজি, 7 এপ্ৰিল: ধেমাজি সদৰ আৰক্ষীয়ে যোৱা মঙলবাৰে বিয়লি ধেমাজিৰ কাটিৰ চুকত এগৰাকী সন্দেহযুক্ত নাগৰিকক আটক কৰে (Suspected person arrested in Dhemaji)৷ আৰক্ষীয়ে সোধ পোছ কৰে যদিও লোকজনৰ পৰা সবিশেষ কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ মঙলবাৰে বিয়লি ধেমাজি উপাযুক্ত কাৰ্যালয়ৰ অতিৰিক্ত উপাযুক্ত উৎপল দলে সন্মুখত হাজিৰ কৰাই লোকজনক ৷
ইপিয়ে ব্যক্তিজনে ভালদৰে কথা ক’ব নোৱাৰাত পুনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে আৰু তদন্ত কৰি বুধবাৰে অতিৰিক্ত উপায়ুক্ত গৰাকীৰ ওচৰত পুনৰ হাজিৰ কৰোৱা হয় সন্দেহযুক্ত নাগৰিকজনক (Suspected person in Dhemaji)৷ ইয়াৰ পিছতে লোকজনক আইনগত ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷
সন্দেহযুক্ত এই নাগৰিজন ক’ৰ পৰা কেনেকৈ আহি ধেমাজি পালে তাকে লৈ এক প্ৰকাৰ ৰহস্যৰ সৃষ্টি হৈছে জিলাখনত ৷
লগতে পঢ়ক : নাবালিকা অপহৰণ কৰিবলৈ গৈ ৰঙাঘৰত সোমাল ছফিকুল