ETV Bharat / state

Felicitation programme: ধেমাজিত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

author img

By

Published : Jun 19, 2023, 8:32 PM IST

ধেমাজি জিলা বাঙালী যুব-ছাত্ৰ ফেডাৰেশ্যনৰ মাজৰবাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ।

Felicitation programme in Dhemaji
ধেমাজি জিলা বাঙালী যুব-ছাত্ৰ ফেডাৰেশ্যন
ধেমাজি জিলা বাঙালী যুব-ছাত্ৰ ফেডাৰেশ্যন

জোনাই,১৯ জুন: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সোমবাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । চিলাপথাৰৰ সমীপৰ মাজৰবাৰী ৰাসমন্দিৰ প্ৰেক্ষাগৃহত ধেমাজি জিলা বাঙালী যুব-ছাত্ৰ ফেডাৰেশ্যনে এখন সভাত সম্বৰ্ধনা জ্ঞাপন কৰে । ফেডাৰেশ্যনৰ ধেমাজি জিলাৰ শিক্ষা সম্পাদক প্ৰভাষ বিশ্বাসে আঁত ধৰা সম্বৰ্ধনা সভাখনত সৰ্বোদয় হাইস্কুলৰ প্ৰধান শিক্ষক জীৱন পেগুয়ে সভাপতিত্ব কৰে ।

এই সভাৰ উদেশ্য ব্যাখ্যা আগবঢ়ায় ফেডাৰেশ্যন ধেমাজি জিলাৰ সাধাৰণ সম্পাদক ভদ্ৰ দাসে । তাৰ পাছতেই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা কৃতি ছাত্ৰ-ছাত্ৰীক উদেশ্যে বক্তাসকলে ভাষণ আগবঢ়ায় । ফেডাৰেশ্যনৰ জিলা সভাপতি ধৰ্মেন্দ্ৰ দাস, কেন্দ্ৰীয় উপ সভাপতি গোবিন্দ মণ্ডল, প্ৰধান শিক্ষক ক্ৰমে হৰিনাথ মজুমদাৰ, সূৰ্য কুমাৰ বিশ্বাস, শিক্ষক সুনীল দাস, নিৰঞ্জন বিশ্বাস আৰু সুকুমাৰ চক্ৰৱৰ্তীয়ে কৃতি শিক্ষাৰ্থী সকলক গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি জীৱনটো আগুৱাই নিবলৈ আহ্বান জনায় । লগতে স্বকীয় জাতিসত্তা জীয়াই ৰখাৰ স্বাৰ্থত মেধাৱী শিক্ষাৰ্থী সকলে সদায় অহোপুৰুষাৰ্থ কৰি নতুন প্ৰজন্মৰ মাজত কৰ্মসংস্কৃতিৰে সমিলমিলেৰে চলাৰ আহ্বান জনায় । ছাত্র-ছাত্ৰী সকলে সুখ্যাতিৰে পৰীক্ষা সমূহত উত্তীৰ্ণ হৈ কেৱল চাকৰিমুখী হোৱাৰ মানসিকতা পৰিহাৰ কৰি জাতি, সমাজৰ উন্নয়নৰ বাবে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় । এগৰাকী ৰুচিসম্পন্ন আৰু সংস্কৃতিৱান নাগৰিক হিচাপে নিজকে গঢ়ি তুলি পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিবৰ বাবে সকলোৱে ভাষণ আগবঢ়ায় ।

এই অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় ১৫০ গৰাকীকৈ কৃতি ছাত্ৰ-ছাত্ৰীক এখন মানপত্ৰ আৰু এখন জনগোষ্ঠীয় উত্তৰিয়ৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই অনুষ্ঠানটোত বাঙালী যুব ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক স্বপন দাস, ধেমাজি জিলাৰ কাৰ্যকৰি সভাপতি বিপ্লৱ সৰকাৰ, ধেমাজি জিলাৰ উপদেষ্টা বিশ্বজিৎ দাস, সন্তোষ সৰকাৰ, চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী তপস্যা সৰকাৰ, বুধবৰীয়া বজাৰ ব্যৱসায়িক সন্থাৰ সভাপতি পৰিতোষ সৰকাৰৰ লগতে ফেডাৰেশ্যনৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:সংৰক্ষণ ব্যৱস্থাৰে MBBS পাঠ্যক্ৰমত ছিণ্ডিকেট আৰম্ভ কৰিব বিচাৰিছে হিমন্ত বিশ্ব চৰকাৰে; আপৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.