ETV Bharat / state

Bhut jolokia crops damaged : ধুমুহা-বতাহত ধেমাজিৰ চিৰিপানীত নষ্ট কেইবাবিঘা ভোট জলকীয়াৰ খেতি

দেওবাৰে নিশা অহা ধুমুহা-বতাহত ধেমাজি চিৰিপানীত বিঘাই বিঘাই নষ্ট হ’ল ভোট জলকীয়াৰ খেতি (Bhut jolokia crops damaged in Dhemaji) ৷ বিমূৰত এতিয়া উদ্যোমী যুৱ খেতিয়ক ৷

author img

By

Published : May 1, 2023, 1:30 PM IST

Bhut jolokia crops damaged
ধুমুহাত নষ্ট ভোট জলকীয়াৰ খেতি
ধুমুহাত নষ্ট ভোট জলকীয়াৰ খেতি

ধেমাজি, 1 মে’ : সপোন এদিন নিজৰ ভৰিত থিয় হোৱাৰ ৷ সপোন নিজৰ লগতে আন দহজনক স্বাৱলম্বী কৰাৰ ৷ অজুত সপোন বুকুত বান্ধি ৰঞ্জিত কটকী, চুচেন কটকী আৰু বিপ্লৱ সন্দিকৈয়ে বাচি লৈছিল খেতিৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাৰ ৷ যাৰ উদ্দেশ্যে অশেষ কষ্ট কৰি তিনিও উদ্যমী যুৱকে গৰৈমাৰী পানীয়ে বালি পেলাই থৈ যোৱা ছন পৰা ছয় বিঘা ভূমিত কৰিছিল ভোট জলকীয়াৰ খেতি ৷ আনকি ডাল ভৰি ভৰি লাগিছিল বিভিন্ন জাতৰ ভোট জলকীয়া ৷

কিন্তু দেওবাৰে নিশা অহা ধুমুহা-বতাহ জাকত সকলো শেষ হৈ গ’ল ৷ ধুমুহা আৰু প্ৰৱল বৃষ্টিপাতে স্বপ্নভংগ কৰিলে ধেমাজি চিৰিপানীৰ গৰৈমাৰী অঞ্চলৰ তিনি যুৱ কৃষকৰ ৷ গাঁঠিৰ ধন ভাঙি কৰা ভোট জলকীয়া খেতিৰ প্ৰায় 50 শতাংশই নষ্ট হৈ গ’ল (Bhut jolokia crops damaged in Dhemaji) ৷

বিশেষকৈ কিছু পুৰঠ আৰু কিছু পকিবলৈ ধৰা জলকীয়াৰ লগতে কিছু জলকীয়াৰ গা-গছো কলিতেই ভাঙি পৰে ৷ ফলত ভোট জলকীয়া গছবোৰ এতিয়া কাটি দ’মে দ’মে ৰখাহে হৈছে (ghost pepper crops damaged) ৷ যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে তিনি যুৱ খেতিয়ক ৷ সংবাদ মাধ্যমৰ আগত এগৰাকী যুৱ খেতিয়কে উল্লেখ কৰা অনুসৰি, উদ্যমী যুৱককেইজনে গাঁঠিৰ ধন ভাঙি চাৰি লক্ষাধিক টকা খৰচ কৰি এই ভোট জলকীয়াৰ খেতি কৰিছিল ৷

বিশেষকৈ ৰাজা আৰু ৰাণী নামৰ এই দুই প্ৰজাতিৰ ভোট জলকীয়াৰ খেতি কৰিছিল ৷ লহপহকৈ বাঢ়ি অহা ভোট জলকীয়া গছত ডাল ভৰি লাগিছিল ৰাজা আৰু ৰাণী জাতৰ ভোট জলকীয়া ৷ অৱশ্যে বৰ্তমান লোকচান হ’লেও দৃঢ় মনৰ অধিকাৰী যুৱককেইজনে আগন্তুক সময়ত প্ৰচণ্ড ধুমুহা নাহিলে অধিক লাভ নহ’লেও কষ্টৰ ফল পাব বুলি আশা কৰিছে ৷ কাৰণ ভোট জলকীয়াৰ আছে এখন ভাল বজাৰ ।

উল্লেখ্য যে, এই উদ্যোমী যুৱককেইজনে কৰা ভোট জলকীয়া নিজৰ অঞ্চলৰ বজাৰৰ বাদে পূৰ্বে অৰুণাচল, তিনিচুকীয়া জিলাৰ বজাৰো দখল কৰিবলৈ সক্ষম হৈছিল ৷ মন কৰিবলগীয়া যে, যি সময়ত এটা চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ৰাজ্যৰ লাখ লাখ নিবনুৱাই সহজে ধন লাভৰ আশাত দৌৰি আছে, তেনে সময়তে এই যুৱককেইজনৰ কৰ্মসংস্কৃতি নিঃসন্দেহে প্ৰশংসনীয় ৷

লগতে পঢ়ক : Biswanath NH 15 : দ্ৰুত গতিত চলিছে বিশ্বনাথৰ ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.