ধেমাজি, 11 জুলাই : ধেমাজিত ক্ৰমে কালৰূপ ধাৰণ কৰিছে জিলাখনৰ আটাইকেইখন নদীয়ে ৷ ধেমাজিত জীয়াঢল, গাই নদী, ৰাই নদীয়ে বিস্তৰ ক্ষতিসাধন কৰাৰ সমান্তৰালভাৱে জোনাই বিধান সভা সমষ্টিত তাণ্ডৱ চলাইছে চিমেন নদী, ডিমৌ আৰু টঙানী নদীয়ে ৷ ইতিমধ্যে চিমেন নদীত জাহ গৈছে দহটা পৰিয়ালৰ ঘৰ-বাৰী আৰু কৃষি ভূমি ৷ একেদৰে ডিমৌ নদীখনো ফেনেফুটুকাৰে বাঢ়ি অহাৰ ফলত চিলাসুতি পঞ্চায়তৰ আৰ্চি লাচন গাঁও, ভগৱান, 1 নং মহাৰাণীকুৰ, 2 নং মহাৰাণীপুৰকে ধৰি প্ৰায় 10 খন গাওঁ পানীৰ তলত ডুব গৈছে ৷ শশ হেক্টৰ কৃষিভূমি বাঢ়নী পানীয়ে নষ্ট কৰিছে ৷ অনুৰূপভাৱে টঙানী নদীয়ে মুক্তিয়াৰ পঞ্চায়ত আৰু কুলাজান পঞ্চায়তৰ নামনি অংশৰ শিতলমাৰী, কেবাৰাংগ, পিতয়াঙকে আদি কৰি বহুকেইখন গাঁৱত বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে ৷
অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি, বানপানীৰ ফলত ধেমাজি, জোনাই আৰু চিচিবৰগাঁও ৰাজহ চক্ৰৰ 321 খন গাঁও বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৷ বানপানীৰ ফলত জিলাখনৰ 1,27,556গৰাকী লোক তথা 29,083 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে ৷ ইতিমধ্যে জিলাখনত 4টা সাহাৰ্য শিৱিৰ স্থাপন কৰা হৈছে ৷
লগতে পঢ়কঃ হাল বোৱা যন্ত্ৰ উদ্ভাৱনেৰে চমক টীয়কৰ যুৱকৰ