জোনাই, ৬ মে': অসমত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ দ্বিতীয় সংক্ৰমণ । বুধবাৰৰ দিনটোলৈকে ৰাজ্যত ২৮,০৬০ গৰাকী লোক নতুনকৈ কৰণাত আক্ৰান্ত হোৱাৰ তথ্য সদৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ ৰাজ্যৰ অন্যান্য জিলাৰ সমান্তৰালকৈ ধেমাজি জিলাতো আক্ৰান্ত হৈছে বহু লোক । ৰাজ্যৰ শেহতীয়া কৰ'ণা পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে জিলাখনৰ চিলাপথাৰ অঞ্চলৰ প্ৰথমজন কৰ'ণা ৰোগীয়ে কৰুণ মৃত্যুক সাৱটি লয় ।
চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাদুৰি পথাৰৰ ধনবাহাদুৰ খৰকা নামৰ (৪২) বছৰীয়া লোকজনে বিগত দুদিনমান ধৰি জ্বৰ আৰু কাহ হৈ থকাত ক'ভিড পৰীক্ষা কৰায় ৷ পৰীক্ষাত তেওঁৰ দেহত ক'ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাত চিকিৎসকে হোম কোৱাৰেন্টাইনৰ পৰামৰ্শ প্ৰদান কৰে ৷ পাচত লোকজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ অৱশেষত মহামাৰী ক'ভিডৰে যুঁজি চিকিৎসাধীন অৱস্থাতে মংগলবাৰে বিয়লি লোকজনৰ মৃত্যু হয় ।
উল্লেখযোগ্য যে, অসমত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ দ্বিতীয় সংক্ৰমণ । বুধবাৰৰ দিনটোলৈকে ৰাজ্যত ২৮,০৬০ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হোৱাৰ তথ্য সদৰী কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীতেই আক্ৰান্তৰ সংখ্যা সৰ্বাধিক । এদিনতে সৰ্বাধিক ৩১ গৰাকী আক্ৰান্তৰ মৃত্যু হোৱাৰ তথ্যও পোৱা গৈছে । ইফালে ৰাজ্যত ১,৪৩০ গৰাকী লোকে ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ।
লগতে পঢ়ক: শোণিতপুৰত ভয়াৱহ ৰূপত কৰ’ণাৰ সংক্ৰমণ