ETV Bharat / state

বিপদ সীমাৰ ওপৰেৰে বৈছে চিয়াং - siang river

পাচিঘাটত চিয়াঙৰ জলস্তৰ ১৫৪.১৫ মিটাৰ পৰ্যন্ত বৃদ্ধি পাইছে ৷ আনহাতে চিয়াঙৰ বিপদ সীমা হৈছে ১৫৩.৯৬ মিটাৰ । ইফালে চিবৌ ক'ৰং নদীৰ জলস্তৰ ২২৩.৯৬ মিটাৰেৰে বৰ্তমানেও বিপদ সীমাৰ তলেৰেই বৈ আছে ।

siang river
siang river
author img

By

Published : Jul 12, 2020, 6:02 AM IST

জোনাই ,১১ জুলাই : মুষলধাৰ বৰষুণ অৱ্যাহত থকাৰ বাবে ফেনে ফোটোকাৰে বাঢ়িবলৈ ধৰিছে অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ চিয়াং নদীৰ অংশ। জলসম্পদ বিভাগৰ জাননী অনুসৰি সম্প্ৰতি বিপদ সীমাৰ ওপৰেৰে বৈছে চিয়াঙৰ জলস্তৰ। শনিবাৰে পুৱাৰ ভাগত পাচিঘাটত চিয়াঙৰ জলস্তৰ ১৫৪.১৫ মিটাৰ পৰ্যন্ত বৃদ্ধি পাইছে ৷ আনহাতে চিয়াঙৰ বিপদ সীমা হৈছে ১৫৩.৯৬ মিটাৰ । ইফালে চিবৌ ক'ৰং নদীৰ জলস্তৰ ২২৩.৯৬ মিটাৰেৰে বৰ্তমানেও বিপদ সীমাৰ তলেৰেই বৈ আছে ।

বিপদ সীমাৰ ওপৰেৰে বৈছে চিয়াং

পূৱ চিয়াং জিলা প্ৰশাসনে এই সময়চোৱাত স্থানীয় লোকসকলক নদীৰ বুকুলৈ নাযাবলৈ সতৰ্ক কৰি দিছে। জনসাধাৰণক আতংকিত হোৱাৰ পৰিৱৰ্তে এই সময়চোৱাত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে। উল্লেখযোগ্য যে চিয়াঙৰ ক্ৰমবৰ্ধমান জলপৃষ্ঠই অসমৰ ডিব্ৰুগড় জিলাৰ লগতে আন জিলা সমূহতো প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক : আহোম যুগৰ ধ্বজাবাহক ঐতিহাসিক কলিয়াবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.