জোনাই, ১৭ এপ্ৰিল : অহা ২৭ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চিলাপথাৰত আয়োজন কৰা হৈছে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ কেন্দ্ৰীয় দ্বি-বাৰ্ষিক আৰু অষ্টম দ্বি-বাৰ্ষিক ধেমাজি জিলাৰ অধিৱেশন (All Assam Bengali Youth Students Federation) ৷ এই উপলক্ষে শনিবাৰে ভৈৰৱপুৰ নেতাজী সমন্বয় ক্ষেত্ৰত বাঙালী ফেডাৰেচনৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত উক্ত অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় (Session of All Assam Bengali Youth Students Federation) ৷ এই অধিৱেশন সফল কৰিবলৈ ইতিমধ্য়ে আৰম্ভ হৈছে প্ৰচাৰ অভিযান । এই উপলক্ষে সোমবাৰে চেঙাজানত আয়োজিত বাঙালী ফেডাৰেচনৰ ৰাজহুৱা সভাত বাঙালী মহিলা ফেডাৰেচনৰ সমিতি গঠন কৰা হয় ।
আজি চিমেন চাপৰিৰ চেঙাজানত বাঙালী মহিলা ফেডাৰেচনৰ আঞ্চলিক সমিতিৰ গঠনৰ উদ্দেশ্যে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় (All Assam Bengali Youth Students Federation)। স্থানীয় সমাজকৰ্মী ধনঞ্জয় নমঃশূদ্ৰৰ সভাপতিত্ব অনুষ্ঠিত এই সভাত অসমত বসবাস কৰা বাঙালী সকলৰ ছাত্ৰ সংগঠন বাঙালী ফেডাৰেচনে কাম কৰি আহিছে যদিও মহিলা সকলৰো বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মাত মাতিবলৈ এক সুকীয়া মঞ্চৰ প্ৰয়োজন আছে বুলি বক্তাসকলে কয় । সভাৰ সন্মতি ক্ৰমে পূৰ্ণিমা নমঃশূদ্ৰক সভানেত্ৰী, একাদশী দাসক সাধাৰণ সম্পাদিকা ৰূপে লৈ এখনি ৩১ জনীয়া চেঙাজান আঞ্চলিক বাঙালী মহিলা ফেডাৰেচনৰ সমিতি গঠন কৰা হয় ।
এই সভাত ধেমাজি জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কাৰ্যকৰী সভাপতি ধৰ্মেন্দ্ৰ দাস, উপ সভাপতি বিপ্লৱ সৰকাৰ, সাধাৰণ সম্পাদক গোবিন্দ মণ্ডল, চেঙাজান আঞ্চলিক সভাপতি আৰাণ ৰাজবংশী, সম্পাদক বিধান নমঃশূদ্ৰ, সপন নমঃশূদ্ৰ,আঞ্চলিক উপদেষ্টা নিৰঞ্জন নমঃশূদ্ৰ, কুখিল দাস, অজয় নমশূদ্ৰ,অমৰ্ত ৰাজবংশী, চিমেনমুখ পঞ্চায়ত সভানেত্ৰী জানকী দাসকে ধৰি বহুতো স্থানীয় ৰাইজ উপস্থিত থাকে । নৱগঠিত সমিতিয়ে বাঙালী ফেডাৰেচন আগত্তক কেন্দ্ৰীয় আৰু জিলা অধিৱেশনখনি ৰূপায়নত পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কয় ।
লগতে পঢ়ক: Lai Khuta laid of Bengali Federation : সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ অধিৱেশনৰ লাইখুঁটা স্থাপন