ETV Bharat / state

বিদ্যালয়ৰ প্রাদেশীকৰণ নকৰাকৈয়ে শিক্ষকক নিযুক্তি - জোনাই

জোনাইত কুলাজান ব’র্ডাৰ মধ্য ইংৰাজী বিদ্যালয়খন প্রাদেশীকৰণ নকৰাকৈ প্রধান শিক্ষকসহ 3 জনৰ পদ প্রদেশীকৰণ কৰি অন্য বিদ্যালয়ত যােগদান কৰাত হাহাকাৰ পৰিস্থিতি ছাত্র-ছাত্রী তথা অভিভাৱকৰ মাজত । দিশহাৰা হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল ৷

school-corruption-at-jonai
বিদ্যালয়ৰ প্রাদেশীকৰণ নকৰাকৈয়ে শিক্ষকক নিযুক্তি
author img

By

Published : Feb 15, 2021, 7:58 PM IST

জোনাই,15 ফেব্ৰুৱাৰী : অসম-অৰুণাচল সীমান্ত জোনাইৰ অতিকৈ পিছপৰা কঠালগুৰি অঞ্চলৰ 13 খন গাঁৱৰ ৰাইজে মানৱ সম্পদ গঢ়াৰ লক্ষ্যৰে 1990 চনতে স্থাপন কৰা একমাত্র কলাজান বর্ডাৰ মধ্য ইংৰাজী বিদ্যালয়খন অসম চৰকাৰৰ অবিবেচক সিদ্ধান্তৰ ফলত হঠাৎ এতিয়া বিলুপ্তিৰ পথত । দিশহাৰা হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল ৷

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ছাত্র-ছাত্রীৰ জীৱনক লৈ হেতালি খেলি বিদ্যালয় প্রাদেশীকৰণ নকৰাকৈ শিক্ষকৰ পদ প্রাদেশীকৰণ কৰাত জোনাইৰ কঠালগুৰি অঞ্চলৰ একমাত্র কুলাজান ব’র্ডাৰ মধ্য ইংৰাজী বিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলৰ মাজত দেখা দিছে ভৱিষ্যতৰ অন্ধকাৰ ।

বিদ্যালয়ৰ প্রাদেশীকৰণ নকৰাকৈয়ে শিক্ষকক নিযুক্তি

বিদ্যালয়খনৰ প্রাদেশীকৰণ নকৰাকৈ বিদ্যালয়খনৰ প্রধান শিক্ষকসহ তিনিজনৰ পদ প্রদেশীকৰণ কৰি গালী হাইস্কুল নামৰ অন্য এখন বিদ্যালয়ত নিযুক্তি প্রদান কৰাত হাহাকাৰৰ সৃষ্টি হৈছে ছাত্র-ছাত্রীৰ লগতে অভিভাৱক ৰাইজৰ মাজত । অকল ছাত্র-ছাত্রী অভিভাৱকসকলৰ মাজতে নহয়, মর্মাহত হৈ পৰিছে বিগত প্রায় 30 বছৰে অশেষ কষ্টৰে বেনা বেতনে শিক্ষকতা কৰি থকা দুগৰাকী শিক্ষক আৰু এগৰাকী চকীদাৰ ।

ইয়াৰোপৰি, কুলাজান ব’র্ডাৰ মধ্য ইংৰাজী বিদ্যালয়খন তলা মাৰি সকলো ডেক্স-বেঞ্চ লৈ ছাত্ৰ-ছাত্ৰীসকলকো গালী হাইস্কুলত শিক্ষা গ্ৰহণৰ বাবে শিক্ষা বিভাগে নির্দেশ দিয়া বুলি জানিব পৰা গৈছে । পদ প্রদেশীকৰণৰ পৰা বঞ্চিত হ’লেও বিদ্যালয়খনৰ ফুলেন্দ্র কুমাৰ দলে নামৰ চকীদাৰজনে সান্তনা দিয়ে ছাত্র-ছাত্রীসকলক ।

অকল সান্তনা নহয়, পাৰ্যমানে পাঠদান অব্যাহত ৰাখিছে চকীদাৰজনে । ইফালে, কুলাজান ব’র্ডাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্র-ছাত্রীক শিক্ষা বিভাগে গালী হাইস্কলত শিক্ষা প্রহণ কৰিবলৈ দিয়াৰ নির্দেশক বিৰোধিতা কৰিছে ছাত্র-ছাত্রীৰ লগতে অভিভাৱকসকলে । কিয়নো অঞ্চলটোৰ 100 শতাংশ দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্ৰীয়ে সুদূৰ 7 কিলোমিটাৰ দূৰত্বৰ গালী হাইস্কুলত শিক্ষাগ্রহণ কৰাতো সম্ভৱপৰ নহয় । ইয়াৰোপৰি, বাৰিষা কালত অঞ্চলটোৰ বোকা-পানীৰে ভৰা বিধ্বস্ত বাট-পথেৰে কেনেকৈ ছাত্ৰ-ছাত্ৰীসকল অহা-যোৱা কৰিব, তাক লৈ শংকিত হৈছে অভিভাৱকসকল ৷

গতিকে, কুলাজান ব’র্ডাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্রধান শিক্ষকসহ তিনিজনক নিজ বিদ্যালয়তে নিযুক্তি প্রদান কৰাৰ লগতে বঞ্চিত শিক্ষকসকলকো নিযুক্তি দিবলৈ চৰকাৰক দাবী জনাইছে ছাত্র-ছাত্রী তথা অভিভাৱক ৰাইজে ।

লগতে পঢ়ক : বৰপেটাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত ঋষিকেশ গোস্বামী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.