ETV Bharat / state

ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হৈ পৰিল এখন প্ৰাথমিক বিদ্যালয় - School closed due to lack of students at Jonai

জোনাইৰ চৰ চাপৰি অঞ্চলৰ শিক্ষাৰ এখন পুতৌলগা প্ৰতিচ্ছবি ৷ ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হৈ পৰিল এখন প্ৰাথমিক বিদ্যালয় ৷ কৰ্মৰত শিক্ষকে টালিটোপোলা বান্ধি বিদায় ললে বিদ্যালয়ৰ পৰা (School closed due to lack of students at Jonai) ৷

a-primary-school-closed-due-to-lack-of-students-at-jonai
ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হৈ পৰিল এখন প্ৰাথমিক বিদ্যালয়
author img

By

Published : Mar 25, 2022, 8:47 PM IST

জোনাই, 25 মাৰ্চ : জোনাইৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়ৰ এক কৰুণ প্ৰতিচ্ছবি ৷ ছাত্ৰ-ছাত্ৰী নথকাৰ বাবেই বন্ধ হৈ পৰিল কবু চাপৰি প্ৰাথমিক বিদ্যালয় ৷ জোনাই মহকুমাৰ অন্তৰ্গত তথা বানে গৰকা নদীদ্বীপ কবু চাপৰিত ১৯৭১ চনতে স্থাপন কৰা হৈছিল এইখন প্ৰাথমিক বিদ্যালয় ৷ সম্প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবেই বিদ্যালয়খনত এতিয়া চিৰদিনৰ বাবে ওলমিল তলা (School closed due to lack of students at Jonai) ৷

ইফালে কবু চাপৰি প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত মুঠ ৮ গৰাকী শিক্ষকক বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে অন্য বিদ্যালয়লৈ বদলি কৰিছে ৷ সেয়েহে শিক্ষককেইগৰাকীয়ে নিজৰ মৰমৰ বিদ্যালয়খনৰ পৰা বিদায় লোৱাৰ লগতে অঞ্চলটোৰ ৰাইজৰ পৰাও ললে বিদায় ৷

ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হৈ পৰিল এখন প্ৰাথমিক বিদ্যালয়

উল্লেখ্য যে প্ৰতিবছৰে হৈ অহা চিয়াং নদীৰ ভয়াবহ বান-গৰাখহনীয়াত নিজৰ মাটি ভেটি হেৰুৱাই অঞ্চলটোৰ শ শ ৰাইজে অন্য কোনো নিৰাপদ স্থানলৈ গুচি যাবলগা হৈছে ৷ ফলত বিদ্যালয়খনত একেবাৰে কমি গৈছিল ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৷ সেয়েহে অৱশেষত শিক্ষা বিভাগে বিদ্যালয়খন বন্ধ কৰি দিবলৈ বাধ্য হ’ল ৷ ইতিমধ্যে বিদ্যালয়খনৰ সকলো আচবাব গাঁৱৰ ৰাইজৰ হাতত গতাই দি সেই স্থান ত্যাগ কৰিছে শিক্ষকসকলে ৷

লগতে পঢ়ক : টেট শিক্ষকসকলৰ এই প্ৰতিবাদ অনাকাংক্ষিত : শিক্ষামন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.