ETV Bharat / state

চিমেনমুখ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা - School Assistant Teacher Farewell Reception

চিমেনমুখ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষকৰ লগতে আন এগৰাকী নিম্নবৰ্গৰ সহায়িকাৰ বিদায় সম্বৰ্ধনা সভা এখন অনুষ্ঠিত হৈ যায় (Chimenmukh Tribal H S School Teachers Farewell) ৷ শুকুৰবাৰে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয় অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী দুয়োগৰাকীক ৷

School Assistant Teacher and Lower Class Assistant Farewell Reception in Jonai
চিমেনমুখ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰু নিম্নবৰ্গৰ সহায়িকাৰ বিদায় সম্বৰ্ধনা সভা
author img

By

Published : Sep 3, 2022, 8:57 AM IST

জোনাই, 3 চেপ্টেম্বৰ: চিমেনমুখ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বীৰকণ চুতীয়া আৰু নিম্নবৰ্গৰ সহায়িকা লক্ষেশ্বৰী দাৱ টায়েঙক শুকুৰবাৰে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয় (Chimenmukh Tribal H S School Teachers Farewell) ৷ বিদায়ী সভাত দুয়োগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীক ফুলাম গামোচা, মানপত্ৰ, ধৰ্ম গ্ৰন্থ, ছাতি আদিৰ উপৰিও অঙ্গবস্ত্ৰ প্ৰদান কৰা হয় ৷

উল্লেখযোগ্য যে, ১৯৬২ চনৰ ১ জুনৰ দিনা জন্মগ্ৰহণ কৰা চিমেনমুখ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক বীৰকণ চুতীয়াই যিখন বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল সেইখন বিদ্যালয়তে ১৯৮৮ চনৰ ১ জুনৰ দিনা সহকাৰী শিক্ষকৰূপে যোগদান কৰিছিল ৷ অৱশেষত, সেই একেখন বিদ্যালয়ৰ পৰাই শিক্ষকতা জীৱনৰ অন্ত পেলাই চলিত বৰ্ষৰ ৩০ জুনৰ দিনা চৰকাৰীভাৱে অৱসৰ গ্ৰহণ কৰে (School Assistant Teacher Farewell Reception in Jonai)।

চিমেনমুখ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰু নিম্নবৰ্গৰ সহায়িকাৰ বিদায় সম্বৰ্ধনা সভা

বিদায়ী সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা ও উন্নয়ন সমিতিৰ সভাপতি তথা বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক বানেশ্বৰ টায়েঙে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সহকাৰী শিক্ষক মুহিৰাম বৰগোহাঁইয়ে ৷ বিদায়ী সভাত চিমেনমুখ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভীষণ কুলি, উপাধ্যক্ষ একদেৱ উপাধ্যায়ে অৱসৰপ্ৰাপ্ত শিক্ষক বীৰকণ চুতীয়া আৰু নিম্নবৰ্গৰ সহায়িকা লক্ষেশ্বৰী দাৱ টায়েঙৰ দায়িত্ববোধ আৰু কৰ্মৰাজিৰ ওপৰত চমু আলোকপাত কৰে আৰু অৱসৰী শিক্ষক-কৰ্মচাৰী দুগৰাকীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে ।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যক্ষ বলীন চন্দ্ৰ টায়েং, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগেশ দলে, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গণেশ ছেত্ৰী, শিক্ষক ইন্দ্ৰ নেপাল, বিপ্লৱ শইকীয়া ,কমলেশ্বৰ মিলি, তিলক পেগু, বিমলা কুলি আদিৰ উপৰিও বিদ্যালয়খনৰ শিক্ষক সমাজৰ লগতে জেষ্ঠ সমাজসেৱক নন্দৰাম চুতীয়াকে ধৰি প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: অধ্যক্ষ ড৹ টিকেন চন্দ্ৰ দাসক বিদায় সম্বৰ্ধনা জনালে মহাবিদ্যালয় পৰিয়ালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.