ETV Bharat / state

PMAY Scam : জোনাইত চৰকাৰী গৃহ নিৰ্মাণত সীমাহীন দুৰ্নীতিৰ অভিযোগ

জোনাইত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত সংঘটিত হৈছে সীমাহীন দুৰ্নীতি-অনিয়ম (scam in PMAY scheme at Jonai) । মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত জোনাই গাঁও পঞ্চায়তত প্রধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণৰ নামত সংঘটিত হৈছে সীমাহীন দুৰ্নীতি-অনিয়ম । তদন্তৰ দাবী ভুক্তভোগী হিতাধিকাৰীৰ ।

author img

By

Published : Apr 29, 2023, 12:58 PM IST

PMAY Scam
PMAY Scam
জোনাইত চৰকাৰী গৃহ নিৰ্মাণত সীমাহীন দুৰ্নীতিৰ অভিযোগ

জোনাই, ২৯ এপ্ৰিল : ধেমাজি জিলাৰ জোনাইৰ বহুকেইখন পঞ্চায়তত এমজি এনৰেগাৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী আবাস যোজনাৰ (Prdhan Mantri Gramin Awas Yojana) গৃহ নিৰ্মাণৰ নামত সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি-অনিয়ম ৷ ইয়াৰে মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত জোনাই গাঁও পঞ্চায়তত প্রধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণৰ নামত সংঘটিত হৈছে সীমাহীন দুৰ্নীতি-অনিয়ম (scam in PMAY scheme at Jonai) ।

জানিব পৰা মতে, জোনাই গাঁও পঞ্চায়তৰ জিপিচিয়ে দুখীয়া PMAY হিতাধিকাৰীৰ পৰা জিঅ' টেগ লগোৱাৰ নামত পাঁচশ টকাৰ পৰা ১ হাজাৰ টকা লোৱাৰ সমান্তৰালকৈ ৱাৰ্ড মেম্বাৰে ১ হাজাৰৰ পৰা ৪ হাজাৰ পৰ্যন্ত লোৱা বুলি মুকলিকৈ অভিযোগ কৰিছে খোদ হিতাধিকাৰীয়ে (allegation against panchayat member scam in PMAY) ৷

ইফালে জোনাই গাঁও পঞ্চায়তৰ একাংশ পঞ্চায়ত কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধিয়ে দুখীয়া আৰু অজলা হিতাধিকাৰীক টাৰ্গেট কৰি ২০১৮, ২০১৯, ২০২০ বা ২০২১ বিত্তীয় বৰ্ষৰ PMAY হিতাধিকাৰীৰ পাবলগীয়া উইজেছৰ লাখ লাখ টকা হিতাধিকাৰীৰ অজ্ঞাতে ভুৱা জবকাৰ্ড আৰু ভুৱা বেংক একাউণ্টৰ জৰিয়তে আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে (panchayat member alleged scam in PMAY at Jonai) ৷

ইয়াৰে জোনাইৰ বজাৰৰ নোছাদ শ্বেখ নামৰ হিতাধিকাৰীৰ অজ্ঞাতে ভুৱা বেংক একাউণ্টেৰে প্ৰায় ১৩,৯৬৯ টকা, ১ নং মূৰ্কংচেলকৰ প্ৰশান্ত পেগু নামৰ PMAY হিতাধিকাৰীৰ অজ্ঞাতে ভুৱা বা সন্দেহজনক বেংক একাউণ্টৰ জৰিয়তে উইজেছৰ মুঠ ১৮,৭৭৮ টকা, ৰাজেশ ৰায় নামৰ হিতাধিকাৰীৰ অজ্ঞাতে ১২,৮২৪ টকা আৰু ১ নং মূৰ্কংচেলেক গাঁৱৰ পপিতা পাৱ নামৰ PMAY হিতাধিকাৰীৰ অজ্ঞাতে ৬,৪১২ টকা ভুৱা বেংক একাউণ্টৰ জৰিয়তে উলিয়াই আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷

ইফালে ভোটাৰ তালিকাত নাম নথকা, বেংক একাউণ্ট নথকা, পঞ্চায়ত বা নিজে থকা ৱাৰ্ডৰ নাম নজনা একাংশ হিতাধিকাৰীৰ দৰে বহুকেইজন হিতাধিকাৰীৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰি জোনাই গাঁও পঞ্চায়তৰ একাংশ ৱাৰ্ড সদস্য আৰু পঞ্চায়ত কৰ্মচাৰীয়ে মিলি PMAY গৃহ নিৰ্মাণ আৰু উইজেছৰ নামত লাখ লাখ টকা আত্মসাত কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ কিন্তু ইমানৰ পিচতো নীৰৱ জোনাইৰ মূৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়াগৰাকী ৷ যাক লৈ এতিয়া এনেবোৰ দুৰ্নীতি-অনিয়মত খণ্ড উন্নয়ন বিষয়াগৰাকীৰো সহযোগ থকাৰ সন্দেহ প্ৰকাশ কৰিছে দুখীয়া হিতাধিকাৰী ৰাইজে ৷

কিন্তু এতিয়া প্ৰশ্ন হৈছে, দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতে এনেদৰে মুক্তভাৱে একাংশ পঞ্চায়ত কৰ্মচাৰী কিম্বা পঞ্চায়ত প্ৰতিনিধিয়ে দুৰ্নীতিত নামি পৰাৰ পিচতো নীৰৱ ভূমিকা গ্ৰহণ কৰা দেখা গৈছে মূৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়া তথা স্থানীয় বিধায়ক ভুৱন পেগু তথা সাংসদ প্ৰদান বৰুবাক ৷ সেয়ে দুখীয়া PMAY হিতাধিকাৰীৰ গৃহ নিৰ্মাণৰ নামত ধন লোৱা আৰু ভুৱা জবকাৰ্ড আৰু ভুৱা বেংক একাউণ্ট ব্যৱহাৰ কৰি দুখীয়া হিতাধিকাৰীৰ উইজেছৰ লাখ লাখ টকা আত্মসাৎ কৰা পঞ্চায়ত কৰ্মচাৰী কিম্বা পঞ্চায়ত প্ৰতিনিধিক উচিত তদন্তৰে চিনাক্ত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনাইছে ভুক্তভোগী হিতাধিকাৰীসকলৰ লগতে জোনাইৰ বিভিন্ন দল-সংগঠনে ৷

লগতে পঢ়ক :Municipal tax hike: অস্বাভাৱিক হাৰত পৌৰকৰ বৃদ্ধি: নাজিৰাত ৰাজহুৱা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.