ETV Bharat / state

Amrit kalash yatra:ধেমাজিত চৰকাৰী আঁচনি সন্দৰ্ভত ৰণোজ পেগুৱে কি ক’লে শুনক

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 9:11 AM IST

বিজেপি চৰকাৰক বহুতেই পুঁজিপতি পাৰ্টি, মাৰোৱাড়ী পাৰ্টি বুলি তাচ্ছিল্য কৰিছিল : ৰণোজ পেগু ৷

ranoj pegu attends amrit kalash yatra meeting in dhemaji
অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ এক অনুষ্ঠান
অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ এক অনুষ্ঠান

ধেমাজি, 10 অক্টোবৰ : ধেমাজিত উপস্থিত হৈ শিক্ষামন্ত্ৰীয়ে অংশ লয় অমৃত কলহ অনুষ্ঠানৰ সভাত ৷ উক্ত সভাতে ৰণোজ পেগুৱে বিশদ বৰ্ণনা আগবঢ়ালে চৰকাৰী আঁচনি সন্দৰ্ভত ৷ নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰী উভয়ে লাভ কৰিব একোখনকৈ চাইকেল ৷

কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণ সন্দৰ্ভত ৰণোজ পেগুৱে কয় বৰ্তমান শিক্ষানুষ্ঠানসমূহ এমালগেমেশ্যন হৈছে ৷ ফলস্বৰূপে প্ৰাথমিক বিদ্যালয়সমূহৰ মাজত ব্যৱধান এক কিলোমিটাৰ আৰু হাইস্কুলৰ ক্ষেত্ৰত এই ব্যৱধান ৫ কিলোমিটাৰ হ’ব ৷ এতেকে এক কিলোমিটাৰ দূৰত্বৰ বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীয়ে খোজ কাঢ়ি যোৱাৰ বিপৰীতে হাইস্কুলত নৱম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী উভয়ে লাভ কৰা অসম চৰকাৰৰ চাইকেলেৰে বিদ্যালয়লৈ যাত্ৰা কৰিব পাৰিব ৷

চলিত বছৰতে ১৩ অক্টোবৰত সৰ্বমুঠ তিনি লাখ উনসত্তৰ জন শিক্ষাৰ্থীয়ে লাভ কৰিব চাইকেল ৷ মন্ত্ৰীগৰাকীয়ে কয়, ‘বহুতেই বিজেপি চৰকাৰখনক মাৰোৱাৰী পাৰ্টি ,পুঁজিপতি পাৰ্টি, বেপাৰী পাৰ্টি বুলি তুচ্ছ তাচ্ছিল্য কৰিছিল ৷ কিন্তু দৰিদ্ৰৰ কাৰণে চিন্তা কৰা এইখন চৰকাৰখনে ৰূপায়ণ কৰিছিল অৰুণোদয় আঁচনি’ ৷ ধেমাজি গ্ৰামোন্নয়ন অভিকৰণৰ খেলপথাৰত সোমবাৰে অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ এক অনুষ্ঠানত এই মন্তব্য আগবঢ়াই শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে ৷

তেওঁ লগতে মহিলা সকলৰ উদ্দেশ্যে অৰুণোদয় আঁচনিৰ ধন ৩০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে ৷ আত্মসহায় গোটৰ মহিলাসকলৰ প্ৰতিগৰাকী সদস্যই দহ হাজাৰ টকাকৈ ধন লাভ কৰাৰ বাবে প্ৰয়োজনীয় আঁচনি চৰকাৰে ৰূপায়ণ কৰিব বুলি তেওঁ ভাষণ প্ৰদান কৰে ৷ সেইদৰে আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে শিক্ষিত যুৱক-যুৱতীসকলে দুই লাখৰ পৰা পাঁচ লাখ পৰ্যন্ত বেংকৰ জৰিয়তে ঋণ ল’ব পাৰিব বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক : Assam Govt Ordinance: নিযুক্তি পৰীক্ষাত অসৎ উপায় ল’লে কঠোৰ শাস্তি; কাৰাবাসৰ লগতে ১০ কোটি টকা পৰ্যন্ত জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.