জোনাই ১২ ডিচেম্বৰঃ ৰাজ্যসভাত কেব গৃহীত কৰাৰ পিচতে অসম অৰুণাচল সীমান্ত জোনাইত অধিক তীব্ৰতৰ হৈ পৰিছে কেব বিৰোধী আন্দোলন ৷ বুধবাৰে ৰাজ্য সভাত কেব গৃহীত কৰাৰ প্ৰতিবাদত আজি সমগ্ৰ জোনাইবাসীয়ে স্বতঃফূৰ্তভাৱে বন্ধ পালন কৰিছে ৷ বন্ধত পুৱাৰে পৰা জনশূণ্য হৈ পৰিছে জোনাইৰ ৰাজপথ ৷ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে দোকান-পোহাৰ, যান-বাহন আদিয়ো ৷ জোনাইৰ বিভিন্ন ঠাইত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইফালে অসম অৰুণাচল সীমান্তৰ ৰুকচিন চেক গেটত প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷
জোনাইত তীব্ৰতৰ কেব বিৰোধী প্ৰতিবাদ - জোনাইত তীব্ৰতৰ কেব বিৰোধী প্ৰতিবাদ
বন্ধত পুৱাৰে পৰা জনশূণ্য হৈ পৰিছে জোনাইৰ ৰাজপথ ৷ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে দোকান-পোহাৰ, যান-বাহন আদিয়ো ৷ জোনাইৰ বিভিন্ন ঠাইত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে
![জোনাইত তীব্ৰতৰ কেব বিৰোধী প্ৰতিবাদ জোনাই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5353992-747-5353992-1576164702170.jpg?imwidth=3840)
জোনাই ১২ ডিচেম্বৰঃ ৰাজ্যসভাত কেব গৃহীত কৰাৰ পিচতে অসম অৰুণাচল সীমান্ত জোনাইত অধিক তীব্ৰতৰ হৈ পৰিছে কেব বিৰোধী আন্দোলন ৷ বুধবাৰে ৰাজ্য সভাত কেব গৃহীত কৰাৰ প্ৰতিবাদত আজি সমগ্ৰ জোনাইবাসীয়ে স্বতঃফূৰ্তভাৱে বন্ধ পালন কৰিছে ৷ বন্ধত পুৱাৰে পৰা জনশূণ্য হৈ পৰিছে জোনাইৰ ৰাজপথ ৷ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে দোকান-পোহাৰ, যান-বাহন আদিয়ো ৷ জোনাইৰ বিভিন্ন ঠাইত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইফালে অসম অৰুণাচল সীমান্তৰ ৰুকচিন চেক গেটত প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷
জোনাই ১২ ডিচেম্বৰঃ ৰাজ্য সভাত কেব গৃহীত কৰাৰ পিচতে অসম অৰুণাচল সীমান্ত জোনাইত আৰু অধিক তীব্ৰতৰ হৈ পৰিছে কেব বিৰোধী আন্দোলন৷ বুধবাৰে ৰাজ্য সভাত কেবক গৃহীত কৰাৰ প্ৰতিবাদত আজি সমগ্ৰ জোনাইবাসী ৰাইজে স্বত:ফূৰ্তভাৱে বন্ধ পালন কৰিছে জোনাইত৷ বন্ধত পূৱাৰে পৰা জনশূণ্য হৈ পৰিছে জোনাই ৰ ৰাজপথ৷ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে দোকান-পোহাৰ, যান বাহন আদিয়ো৷ জোনাই ৰ বিভিন্ন ঠাইত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত প্ৰতিবাদ কাৰীয়ে টায়াৰ জ্বলাই আজিও কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ ইফালে অসম অৰুণাচল সীমান্তৰ ৰুকচিন চেক গেটত প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে৷ জোনাইত অকল দল সংগঠ, ৰাইজ নহয় কেব বিৰুধীতাৰে জোনাইৰ বিভিন্ন বিদ্যালয় চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে কাৰ্যালয় ত্যাগ কৰি ৰাজপথৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচতে আজি জোনাইবাসী ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্ম নিৰ্বিশেষে এক ৰাজহুৱা প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। জোনাইৰ অৰ্ধশতাধিক ৰাইজে অংগ্ৰহন কৰি উলিওৱা ৰাজহুৱা প্ৰতিবাদী সমদলটো জোনাই টাউন ক্লাৱৰ পৰা জোনাই বজাৰ হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ অসম অৰুণাচল সীমান্ত ৰুকচিন চেক গেটৰ পৰা পুনৰ জোনাই টাউন ক্লাৱত সামৰণি পেলায় ।জোনাই অঞ্চলৰ চৰকাৰী কৰ্মচাৰী, শিক্ষক সমাজ সকলো জাতি ধৰ্ম নিৰ্বিশেষে বুদ্ধিজীৱী, সমাজকৰ্মী, যুৱক-যুৱতী, কৃষক বিভিন্ন জাতি, ধৰ্মৰ ৰাইজে অংশগ্ৰহণ আৰু সহযোগিতা কৰা ৰাজহুৱা প্ৰতিবাদী সমদলকাৰী সকলে আমাক কেব নালাগে, অমিত ছাহৰ দাদাগিৰি নচলিব, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, মিথ্যাচাৰী বিজেপি চৰকাৰ হায় হায়, সকলো জনজাতি এক হওক, অসম চৰকাৰ হুচিয়াৰ, খিলঞ্জীয়া বিৰোধী কেব মানি লোৱা নহ'ব, সৰ্বানন্দ সোনোৱাল হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, এই জুই জ্বলিছে জ্বলিবই আদি চৰকাৰ বিৰোধী শ্ল'গান দি জোনাই অঞ্চলৰ পৰিবেশ মুখৰ কৰি তোলে ।
Karabi DoleyConclusion: