ধেমাজি, 13 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদে পুনৰ ৰাজ্যৰ ভিন্ন প্ৰান্ত উত্তাল কৰি তুলিছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শনিবাৰে ধেমাজিত ধেমাজি জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক বিশাল 'কা' বিৰোধী প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে ৷ ধেমাজি তিনিআলিস্থিত শ্বহীদ উদ্যানৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সমদলত প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে ধেমাজিৰ ৰাজপথ উত্তাল কৰি তোলাৰ লগতে ধেমাজি চাৰিআলিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ৷
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কল্যান গগৈয়ে শাসনাধিষ্ঠিত চৰকাৰখনক তীব্ৰ সমালোচনা কৰাৰ লগতে ৰাজ্যৰ বৰ্তমান মুখ্যমন্ত্ৰী তথা একালৰ ছাত্ৰ সন্থাৰ কৰ্মী সৰ্বানন্দ সোণোৱালক জাতিৰ কলংকিত নায়ক বুলি আখ্যা দি কঠোৰ ভাষাৰে সমালোচনা কৰে ৷
লগতে পঢ়ক: পুনৰ ৰাজ্যজুৰি আৰম্ভ হৈছে 'কা' বিৰোধী আন্দোলন
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক দেবজিত দাসৰ লগতে ধেমাজি জিলা সমিতিৰ সম্পাদক বিঞ্চু শৰ্মাই নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিয়ে ৷
লগতে পঢ়ক:CAA ৰ বিৰোধিতাৰে NESO ৰ প্ৰতিবাদ
উল্লেখ্য যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পূৰ্বে বন্তি প্ৰজ্বলনেৰে 'কা ' আন্দোলনত নিহত পঞ্চ শ্বহীদ ক্ৰমে দীপাঞ্জল দাস, আব্দুল আলিম, ঈশ্বৰ নায়ক, দ্বিজেন্দ্ৰ পাংগিং আৰু ছেম ষ্টেফৰ্ডক শ্ৰদ্ধাঞ্জলি জনায় ৷
লগতে পঢ়ক:CAA আন্দোলন : এবছৰৰ পাচতো নিৰ্বিকাৰ শাসনৰ গাদীত অধিষ্ঠিতসকল