ETV Bharat / state

বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান বিচাৰি গণ আন্দোলনৰ হুংকাৰ আছুৰ

author img

By

Published : Jul 7, 2020, 9:35 PM IST

জোনাই মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত মঙলবাৰে গ্ৰহন কৰা হয় এক বিক্ষোভ কাৰ্যসূচী ৷ বান সমস্যাৰ লগতে গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত দলটোৱে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

Protest against government by jonai aasu dhemaji assam etv bharat news
গণ আন্দোলনৰ হুংকাৰ জোনাইৰ আছুৰ

জোনাই,৭ জুলাই: বান সমস্যা ক্ৰমাৎ এক গুৰুতৰ বিষয় হিচাপে পৰিগণিত হৈছে ধেমাজিবাসীৰ বাবে ৷ জিলাখনৰ জোনাইত বান সমস্যাৰ লগতে গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত মঙলবাৰে জোনাই মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাংকপ তিনিআলিৰ পৰা আৰম্ভ কৰে এক বিক্ষোভ কাৰ্যসূচী ৷ প্ৰতিবাদী দলটোৱে জোনাইৰ মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাংগণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিকৃতি দাহেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ, বান নিয়ন্ত্ৰণত ব্যৰ্থ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত মুৰ্দাবাদ, বিজেপি গ’ বেক আদি ধ্বনিৰে উত্তাল কৰি তোলে জোনাইৰ ৰাজপথ ৷

গণ আন্দোলনৰ হুংকাৰ জোনাইৰ আছুৰ

লগতে চাওকঃ নলবাৰীত চলিছে মহিলাৰাজ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.