ETV Bharat / state

Scam in PDS rice in Dhemaji: চিলাপথাৰত সুলভ মূল্যৰ এজেন্টৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ - Muktiyar Co operative Society of Silapathar

চিলাপথাৰত সুলভ মূল্যৰ এজেন্টৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ । দিচমূৰ সোণাৰী-মাজুলী সংযোগী পথ অৱৰোধ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ ।

Scam in PDS rice in Dhemaji
Scam in PDS rice in Dhemaji
author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 6:05 PM IST

চিলাপথাৰৰ মুক্তিয়াৰ সমবায় সমিতি

জোনাই, ১০ ছেপ্টেম্বৰ: ধেমাজি জিলাৰ চিলাপথাৰৰ মুক্তিয়াৰ সমবায় সমিতিৰ সুলভ মূল্যৰ এজেন্টৰ বিৰুদ্ধে চাউল যোগানত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । চিলাপথাৰৰ মুক্তিয়াৰ সমবায় সমিতিৰ ৪ জনকৈ সুলভ মূল্যৰ এজেণ্টে ৰাইজক নিৰ্দিষ্ট পৰিমাণতকৈ কমকৈ চাউল যোগান ধৰাৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে চিলাপথাৰ ।

সমবায় সমিতিৰ সুলভ মূল্যৰ এজেন্টৰ বিৰুদ্ধে ৰাজপথত নামিল বানবিদস্ত মুক্তিয়াৰ পঞ্চায়তৰ ৫ শতাধিক ৰাইজ । উৎকত গৰমকো নেওচি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী ৰাইজে অৱৰোধ কৰিলে দিচমূৰ সোণাৰী-মাজুলী সংযোগী পথ । প্ৰতিবাদকাৰী ৰাইজে চাউল চোৰ এজেন্টক গ্ৰেপ্তাৰ কৰক, মুক্তিয়াৰ সমবায় সমিতি হায় হায়, আমাৰ দাবী মানিব লাগিব,অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে আকাশ-বতাহ ।

ৰাইজে উত্থাপন কৰা অভিযোগ মতে, চিলাপথাৰৰ মুক্তিয়াৰ সমবায় সমিতিৰ ৪ জনকৈ সুলভ মূল্যৰ এজেণ্টে চাউল যোগানত অনিয়ম সংঘটিত কৰিছে । এই সমবায় সমিতিখনৰ মুক্তিয়াৰ গাঁও পঞ্চায়তৰ ১,২ আৰু ৩ নং দেউৰিঘাট,মেধিপমুৱা, দিঘলীপমুৱা,ৰেখাচাপৰি আদি অঞ্চলৰ এজেন্ট দেবানন্দ পেগু, প্ৰভাৱতী পাইত,পদ্মেশ্বৰ কুলি ,লক্ষীন্দৰ পেগু আৰু দিলীপ‌ দলেই দীৰ্ঘ দিনৰ পৰাই খাদ্য আৰু অসামৰিক যোগান বিভাগে প্ৰদান কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ৰেচন কাৰ্ডৰ চাউল ২/৩ কেজি পৰ্যন্ত প্ৰতি মাহে কৰ্তন কৰি ৰাখে । বান বিধ্বস্ত অঞ্চলৰ দুখীয়া ৰাইজক ঠগাই এনেদৰে লুণ্ঠন চলাই আহিছে এজেণ্টসকলে । বিভাগীয় কৰ্তৃপক্ষক বানবিধ্বস্ত ৰাইজে বাৰে বাৰে অৱগত কৰিছে যদিও গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যি সময়ত সুলভ মূল্যৰ চাউল এক কেজি কৰ্তন কৰিলে জেলত যাব লাগিব বুলি সভা-সমিতিয়ে ভাষণ দি আহিছে তেনে সময়ত ৰাইজৰ পেটৰ ভাত কাঢ়ি খোৱা এইসকল এজেন্টৰ বিৰুদ্ধে ব্যৱস্থা নলয় মুক্তিয়াৰ সমবায় সমিতিৰ কৰ্তৃপক্ষই । আজি বিষয়টোৰ ওপৰত ৰাইজে প্ৰথমে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰে । ইয়াৰ পিছতেই ১ কিলোমিটাৰ পথ সমদল কৰি দিচমূৰ সোণাৰী-মাজুলী সংযোগী পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । চৰকাৰী ৰেচন চাউল কৰ্তন কৰা এজেন্টৰ অনুজ্ঞাপত্ৰ বাতিলৰ লগতে ৰাইজৰ মুখৰ ভাত কাঢ়ি খোৱা দালালৰূপী এজেন্টৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা ল'বলৈ দাবী জনাইছে প্ৰতিবাদী ৰাইজে ।

লগতে পঢ়ক:Amrit Brikshya: 17 ছেপ্টেম্বৰলৈকে অভিলেখৰ উপৰি অভিলেখ সৃষ্টিৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.