ETV Bharat / state

ধেমাজিত বিজেপি চৰকাৰৰ শান্তি সমদলৰ বিৰুদ্ধে আছুৰ সংবাদমেল - DHEMAJI

ধেমাজিত চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৮ জানুৱাৰীত উলিয়াব শান্তি সমদল । সমদলৰ বাবে কিবা অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হ'লে চৰকাৰ জগৰীয়া হ'ব বুলি মন্তব্য কৰে আছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি চিত্তৰঞ্জণ বসুমতাৰীয়ে ।

DHEMAJI AASU PRESSMEET
ধেমাজিত বিজেপি চৰকাৰৰ শান্তি সমদলৰ বিৰুদ্ধে আছুৰ সংবাদমেল
author img

By

Published : Jan 4, 2020, 11:13 AM IST

ধেমাজি , 3 জানুৱাৰী : ৮ জানুৱাৰীত চৰকাৰে ধেমাজিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উলিয়াব শান্তি সমদল । শুক্ৰবাৰে ধেমাজি প্ৰেছ ক্লাৱত বিজেপি চৰকাৰে শান্তি সমদল উলিওৱা কাৰ্যৰ বিৰোধিতা কৰি আছু , জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, আটাছুকে ধৰি কেইবাটাও সংগঠনে সংবাদ মেলৰ আয়েজন কৰে । নাগৰিকত্ব সংশোধনী আইনক বিৰুদ্ধে হোৱা আন্দোলনত ধেমাজিত কেতিয়াও অশান্তি সৃষ্টি হোৱা নাই বুলি সংবাদ মেলত মন্তব্য আছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি চিত্তৰঞ্জণ বসুমতাৰীৰ ।

তাৰ পিছতো চৰকাৰে ধেমাজিত অহা ৮ জানুৱাৰীত শান্তি সমদল উলিয়াই সাতাম পুৰুষীয়া ঐক্যৰ মাজত বিভেদৰ বীঁজ সিঁচিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে । ধেমাজিত হ'বলগীয়া শান্তি সমদলৰ বাবে কিবা অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হ'লে চৰকাৰ জগৰীয়া হ'ব বুলিও কয় নেতাগৰাকীয়ে । সংবাদ মেলত যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰাতুল বুঢ়াগোহাঁই , টাই আহোম ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি বাবুল বৰগোঁহাই , যুৱ ছাত্ৰৰ জিলা সমিতিৰ সম্পাদক বিষ্ণু শৰ্মায়ো চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

ধেমাজিত বিজেপি চৰকাৰৰ শান্তি সমদলৰ বিৰুদ্ধে আছুৰ সংবাদমেল

আৰু পঢ়ক : CAAৰ সন্দৰ্ভত এক ইঞ্চিও পিছুৱাই নাযায় বিজেপিঃ অমিত শ্বাহ

Intro:ধেমাজিত বিজেপি শান্তি সমদলৰ বিৰুদ্ধে সংগঠনৰ সংবাদ মেল । শান্তি সমদলৰ জৰিয়তে শান্তি বিঘ্নিত হলে চৰকাৰে জগৰীয়া হব ।

Body:

ধেমাজি , 3 জানুৱাৰী : ধেমাজিত কা বিৰোধী আন্দোলনত কেতিয়াও অশান্তি সৃষ্টি হোৱা নাই । কিন্তু তাৰ পিছতো চৰকাৰে ধেমাজিত অহা ৮ জানুৱাৰীত শান্তি সমদল উলিয়াই সাতাম পুৰুষীয়া ঐক্যৰ মাজত বিভেদৰ বীজ সিচিবলৈ চেষ্টা কৰিছে । কিন্তু ধেমাজি ৰাইজে শান্তি সমদল বিচৰা নাই ।এই মন্তব্য আছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি চিত্তৰঞ্জণ বসুমতাৰীৰ ।শুক্ৰবাৰে ধেমাজি প্ৰেছ ক্লাৱত বিজেপি চৰকাৰে শান্তি সমদল উলিওৱা কাৰ্যৰ বিৰোধিতা কৰি আছু , জাতীয়তাবাদী যূৱ ছাত্র পৰিষদ , আটাছু কে ধৰি কেইবাটাও সংগঠনে অনুষ্ঠিত কৰা সংবাদ মেলত এইদৰে চৰকাৰক ধিক্কাৰ দিয়ে । লগতে নেতাগৰাকীয়ে আৰু কয় যে কা বিৰোধী আন্দোলনৰ বিগত বছৰৰ ১৯ ডিচেম্বৰত ধেমাজিৰ কাছাৰী ময়দানত লক্ষাধিক জনতাৰ সমাগম হোৱাটোক হিমন্ত বিশ্ব শৰ্মাই নস্যাৎ কৰি ধেমাজিবাসীক যি অপমান কৰিছে তাৰ পৰিণাম ভূগিব লাগিব । ইপিনে অহা ৮ জানুৱাৰীত হবলগীয়া ধেমাজিত শান্তি সমদলৰ বাবে কিবা অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হলে চৰকাৰে জগৰীয়া হব বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ।

সেইদৰে সংবাদ মেলত যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰাতুল বুঢ়াগোহাঁই , তাই আহোম ছাত্র সন্থাৰ ধেমাজি জিলাৰ সমিতিৰ সভাপতি , বাবুল বৰগোঁহাই , যুৱ ছাত্ৰৰ জিলা সমিতিৰ সম্পাদক বিষ্ণু শৰ্মা আদিয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

speech..

pradunya Bharali , Dhemaji, Assam, 3/1/2019

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.