ETV Bharat / state

শদিয়াত 126 গৰাকী কৃষকক পাৱাৰ টিলাৰ বিতৰণ

শদিয়াক 126 গৰাকী কৃষক ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী সমাজ কল্যাণ বিভাগ আচঁনিৰ দ্বাৰা আৱন্টিত পুঁজিৰে বিতৰণ কৰা হয় পাৱাৰ টিলাৰ ৷

Power Tiller distribution In Sadiya
শদিয়াত 126 গৰাকী কৃষকক পাৱাৰ টিলাৰ বিতৰণ
author img

By

Published : Sep 27, 2020, 7:18 PM IST

শদিয়া, 27 ছেপ্তেম্বৰ : দেওবাৰে 126 নং শদিয়া বিধান‌সভা সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ প্ৰচেষ্টাত শদিয়াৰ চপাখোৱাৰ মুকলি মঞ্চত মুঠ 126 গৰাকী কৃষকক পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী সমাজ কল্যাণ বিভাগ আচঁনিৰ দ্বাৰা মাত্ৰ 30 ৰ পৰা 35 হাজাৰ টকা জমা দিয়েই অধিক উন্নত মানদণ্ডৰ পাৱাৰ টিলাৰ দৰে ট্ৰেক্টৰ লাভ কৰি কৃষক সকল উৎফুল্লিত হৈ পৰে ।

শদিয়াত 126 গৰাকী কৃষকক পাৱাৰ টিলাৰ বিতৰণ

চাপাখুৱা নগৰ সমিতিৰ প্ৰাক্তন সভাপতি বিপিন গগৈয়ে আঁতধৰা পাৱাৰ টিলাৰ বিতৰণ কাৰ্যসূচী শুভ উদ্বোধন কৰে শদিয়াৰ বিধায়ক বলিন চেতিয়াই ৷ লগতে উপস্থিত থাকে বিজেপি শদিয়া জিলা সভাপতি যুধিষ্ঠিৰ গগৈ, শদিয়া মহকুমা মহকুমাধিপতি শ্যামলক্ষেত্ৰ গগৈ, বিধায়ক প্ৰতিনিধি সীমান্ত মৰাণ, যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সুৰজিত মৰাণ, বিজেপি ছৈখোৱা মণ্ডল সমিতিৰ সভাপতি বিৰাজ সোণোৱাল আৰু কাকপথাৰ মণ্ডল সমিতিৰ সভাপতি পাপু শইকীয়াৰ লগতে দলীয় কৰ্মীসকল ৷

লগতে পঢ়ক : ইটিভি এক্সক্লুচিভ : এইবাৰ কৃষি বিভাগৰ পৰীক্ষা পতাৰ দায়িত্ব বহিৰাগত প্ৰতিষ্ঠানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.