ETV Bharat / state

৮ বছৰ বয়সৰ পৰাই নাটক কৰা আদিল হুছেইন আজিৰ আদিল হুছেইন কেনেকৈ হ'ল...

অভিনেতা আদিল হুছেইনক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান ৷ বঁটা গ্ৰহণৰ পাছত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ অভিনেতাগৰাকীৰ ৷

Anandaram Dhekial Phukan Award 2024
অভিনেতা আদিল হুছেইনক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 7 hours ago

নগাঁও: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দুৰ্দান্ত অভিনেতা আদিল হুছেইনক সোমবাৰে প্ৰদান কৰা হ'ল সন্মানীয় আনন্দৰাম ঢেকিয়াল ফুকন বঁটা । সোমবাৰে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অভিনেতাগৰাকীক এই বঁটা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্তই ।

অভিনয় জগতত কিদৰে খোজ দিছিল আদিল হুছেইনে:

অভিনেতা আদিল হুছেইনক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান (ETV Bharat Assam)

৮ বছৰ বয়সৰ পৰাই নাটক কৰি ভালপোৱা আদিল হুছেইনে আজি ৰাষ্ট্ৰীয় পৰ্যায়তেই নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে । ৮ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিদ্যালয়ত মাত্ৰ আধা ঘণ্টাৰ এখন নাটক কৰি অভিনয় ভাল পাবলৈ আৰম্ভ কৰিছিল আদিল হুছেইনে ।

গোৱালপাৰাত জন্মগ্ৰহণ কৰি অসমীয়া আৰু বাংলা সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ পৰা আদিল হুছেইন ১৩ বছৰ বয়সত অভিনয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । তাৰ পাছতেই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত নামভৰ্তি কৰিছিল অভিনেতা তপন দাসৰ পৰামৰ্শত । ভাৰতবৰ্ষৰ মুঠ ২০ আসন থকা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত নামভৰ্তিৰ সুযোগ লাভ কৰিছিল আদিল হুছেইনে ।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অভিনয়ৰ শিক্ষাগ্ৰহণৰ পাছতেই অভিনয়ৰ প্ৰতি ধাৰণা সলনি হৈ পৰে অভিনেতা আদিল হুছেইনৰ । প্ৰথমে মুম্বাইত বলিউডত অভিনয় কৰিব বুলি ভাবিছিল যদিও পৰৱৰ্তী সময়ত মঞ্চৰ প্ৰেমত পৰে অভিনেতাগৰাকী । তাৰ পৰৱৰ্তী সময়ত নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰে আদিল হুছেইনে । বোলছবিত অভিনয় নকৰাৰ কথাই প্ৰথমে ভাবিছিল যদিও অৱশ্যে পৰৱৰ্তী সময়ত ২০১০ চনত ইস্ক কিয়া নামৰ এখন ছবিত পৰিচালকৰ অনুৰোধ ৰক্ষা কৰি আদিল হুছেইনে অভিনয় কৰিছিল । ৰয়েষ্টন এবেল পৰিচালিত ছেক্সপিয়েৰৰ অথেল'ত মুখ্য চৰিত্ৰত অভিনয় কৰি সমগ্ৰ বিশ্বতে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল এইগৰাকী অসমসন্তান আদিল হুছেইনে ।

এইদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা অসমৰ জনপ্ৰিয় অভিনেতা আদিল হুছেইনক এইবেলি প্ৰদান কৰা হয় আনন্দৰাম ঢেকিয়াল ফুকন বঁটা । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই বঁটা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্তই । আদিল হুছেইনক আধুনিক অসমৰ নিৰ্মাতা আনন্দৰাম ঢেকিয়াল ফুকনৰ নামত বঁটা প্ৰদান কৰিবলৈ সুযোগ লাভ কৰি গৌৰৱাম্বিত বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে উপাচাৰ্য ডঃ মহন্তই ।

আনহাতে, অনুষ্ঠানত অংশগ্ৰহণ কৰি বঁটা গ্ৰহণ কৰাৰ অন্তত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা এক কথোপকথনতো ভাগ লয় অভিনেতাগৰাকীয়ে ৷ কথোপকথন অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়খনৰ অধ্যাপক অৰিন্দম বৰকটকীয়ে । উল্লেখ্য যে, নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় কৰ্তৃপক্ষই বিগত কেইবাবছৰ ধৰি প্ৰদান কৰি অহা আনন্দৰাম ঢেকিয়াল ফুকন বঁটা বিগত সময়ত বিশিষ্ট বিজ্ঞানী বিদ্যুৎ কুমাৰ শৰ্মা, ভাষাতত্ববিদ নাহেন্দ্ৰ পাদুন, অভিনেতা বিষ্ণু খাৰঘৰীয়া, পদ্মশ্ৰী বিৰুৱালা ৰাভা, সাহিত্যিক য়েচে দৰজে ঠংচিৰ দৰে ব্যক্তিক প্ৰদান কৰা হৈছিল ।

লগতে পঢ়ক: নতুন এখন একশ্যন থ্ৰিলাৰ ছবিত একেলগে দেখা যাব ৰবি শৰ্মা-আদিল হুছেইনক - RAVI SARMA UPCOMING MOVIE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.