ETV Bharat / politics

উপ-নিৰ্বাচন: চিদলী সমষ্টিৰ প্ৰাৰ্থী ঘোষণা ইউ পি পি এল আৰু বি পি এফৰ

নিৰ্মল কুমাৰ ব্ৰহ্মক ইউ পি পি এল দলে আৰু শুদ্ধ কুমাৰ বসুমতাৰীক বি পি এফে প্ৰাৰ্থী হিচাপে ঘোষণা কৰে সোমবাৰে ।

ASSAM BYE ELECTION 2024
চিদলী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা ইউ পি পি এল আৰু বি পি এফৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 8 hours ago

চিৰাং: চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বি পি এফ আৰু ইউ পি পি এল দলৰ প্ৰাৰ্থী ঘোষণা । ১৬ নং নিচিমা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পাৰিষদ তথা চিৰাং জিলা ইউ পি পি এলৰ সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্মক ইউ পি পি এল দলৰ প্ৰাৰ্থী হিচাপে সোমবাৰে ঘোষণা কৰা হয় । চিৰাং জিলাৰ কাশিকোত্ৰাস্থিত এন ডি এ মিত্ৰজোঁটৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয়ত বিজেপি, অগপৰ লগতে দলীয় নেতৃত্বৰ উপস্থিতিত এক সংবাদমেল আয়োজন কৰি এই ঘোষণা কৰে ইউ পি পি এল দলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে ।

নিৰ্মল কুমাৰ ব্ৰহ্মক ইউ পি পি এল তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পাছতেই কাশিকোত্ৰাত প্ৰাক-দীপাৱলীসদৃশ পৰিৱেশৰ সৃষ্টি হয় । আতচবাজী আৰু পুষ্পবৃষ্টিৰ মাজেৰে প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক আদৰণি জনোৱা হয় । উপস্থিত মিত্ৰজোঁটৰ নেতা কৰ্মীসকলে আৰ'নাই, ফুলাম গামোচাৰে তেওঁক উষ্ণ আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জনায় ।

চিদলী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা ইউ পি পি এল আৰু বি পি এফৰ (ETV Bharat Assam)

নিৰ্মল কুমাৰ ব্ৰহ্মই ২৪ অক্টোবৰত মিত্ৰজোঁটৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ উপস্থিতিত মননোয়ন পত্ৰ দাখিল কৰিব ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালী পূজাৰ পিছত চিদলী বিধানসভা সমষ্টিত মিত্ৰজোঁট তথা ইউ পি পি এল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ প্ৰচাৰ অভিযান চলাব ।

ইফালে চিদলী বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে বি পি এফ দলেও আজি প্ৰাৰ্থী ঘোষণা কৰে । চিৰাং জিলা বি পি এফৰ কাৰ্যালয়ত দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰে প্ৰাৰ্থীৰ নাম । দলৰ উপ-সভাপতি শুদ্ধ কুমাৰ বসুমতাৰীক প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰে বি পি এফ দলে । প্ৰাৰ্থী ঘোষণা কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, "বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম সভাপতি থকা সময়ত এবছুৰ মুখপাত্ৰ আছিল শুদ্ধ বসুমতাৰী । তেখেত এজন সমাজকৰ্মী তথা বি পি এফ দলৰ জ্যেষ্ঠ নেতা । বি পি এফ দল এইবাৰ ৮২ হেজাৰ ভোটৰ ব্যৱধানত বিজয়ী হ’ব চিদলী বিধানসভা সমষ্টিত ।"

হাগ্ৰামা মহিলাৰীয়ে লগতে কয়, "প্ৰমোদ বড়ো হাটাও বি টি চি বচাও শ্লোগান লৈ আমি ভোটাৰ ৰাইজৰ ওচৰলৈ যাম । ইপিনে প্ৰাৰ্থীৰ নাম ঘোষণাৰ লগে লগে উখল-মাখল হৈ পৰে বি পি এফৰ কাৰ্যালয় । বিভিন্নজনে আৰ’নাই, ফুলাম গামোচাৰ আদৰণি জনায় প্ৰাৰ্থী শুদ্ধ বসুমতাৰীক ।

লগতে পঢ়ক: চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ তিনিওটা দলে একেলগে কাম কৰাৰ সংকল্প - By Election Of Sidli Constituency

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.