ETV Bharat / state

Porag festival 2023 : সামৰণি পৰিল জোনাইত আয়োজিত পঃৰাগ উৎসৱৰ - সামৰণি পৰিল জোনাইত আয়োজিত পঃৰাগ উৎসৱ

শুকুৰবাৰে সামৰণি পৰিল জোনাইত আয়োজিত পঃৰাগ উৎসৱ বা নৰাছিগা বিহু (Concluded Porag festival 2023) ৷ তিনিদিনীয়াকৈ জোনাইত আয়োজিত এই উৎসৱটি অতি উলহ-মালহেৰে আয়োজন কৰা হয় ৷ য’ত গাঁওখনৰ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷

Concluded Porag festival 2023 at Jonai
সামৰণি পৰিল পঃৰাগ উৎসৱ বা নৰাছিগা বিহু
author img

By

Published : Mar 24, 2023, 11:02 PM IST

সামৰণি পৰিল পঃৰাগ উৎসৱ বা নৰাছিগা বিহু

জোনাই, ২৪ মাৰ্চ : অৱশেষত সামৰণি পৰিল মিচিং জনগোষ্ঠীৰ দ্বিতীয় বৃহৎ জাতীয় উৎসৱ হিচাবে বিবেচিত ‘‘পঃৰাগ উৎসৱ’’ (Concluded Porag festival 2023 at Jonai)৷ শুকুৰবাৰে সামৰণি পৰে জোনাই মহকুমাৰ গালিয়াৰী গাঁৱত তিনদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই উৎসৱটি ৷ এই উৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচী হিচাবে পুৱা প্ৰায় ৬ বজাত সামূহিক চাফাই অভিযানৰ পাচতে অভ্যাগতসকলে পুৱা আহাৰ গ্ৰহণ কৰে ।

ইয়াৰ পাচতে পঃৰ আপং, গাহৰি মাংস, ভিন্ন শাক-পাচলিৰে ৰন্ধা সুস্বাদু খাদ্য সম্ভাৰেৰে সমূহীয়াভাৱে ভোজ-ভাত খোৱা হয় । দুপৰীয়া প্ৰায় ১২ বজাৰ পৰা জোনাই মহমৰা কপলঙৰ মিনম দলে পৰিৱেশন কৰে গুমৰাগ নৃত্য আৰু অন্যান্য চঃনাম । বিয়লি প্ৰায় ২ বজাত মিবু প্ৰদীপ দলেক মিচিংসকলৰ ৰীতি-নীতিত বিদায় জনোৱা হয় ।

ইয়াৰ পাচতে জোনাই মহমৰা কপলঙৰ মিনম দলক ঢোলে-দগৰে গালি কছাৰী দলুং কৃষ্টি দলে বিদায় জনোৱা হয় ।শুকুৰবাৰে এই অনুষ্ঠানত উপস্থিত থাকে বৰা সুৰেশ দলে, বৰাণী বিনীশ্বা কুম্বাং, ডেকা বৰা ডিম্বে পেগু, বৰুৱা সন্তোষ পেগু, বৰুৱাণী ৰিংকি কুম্বাং, ৰেমী গুণীতা কুম্বাং, য়ামপী আপ্পুন দলে, ৰেমপী শেৱালি সোণোৱাল, পকয়প মণিকা পেগু, ভূঞা বৰফুল দলে, উদযাপন সমিতিৰ বিষয়ববীয়াসকল ।

উল্লেখযোগ্য যে, অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলৰ কৃষি ভিত্তিক জাতীয় উৎসৱ আলি-আয়ে-লৃগাঙৰ পিচতে আহে পঃৰাগ উৎসৱ ৷ পঃৰাগ মিচিং জনগোষ্ঠীৰ পৰম্পৰা আৰু উৎসৱৰ সমাহাৰেৰে আয়োজন কৰা এক ৰাজহুৱা অনুষ্ঠান ৷ সাধাৰণতে খেতি চপোৱাৰ পিচত আয়োজন কৰা হয় এই বিশেষ উৎসৱটি (Porag is a long post harvest festival) ।

ধান কাটি চপোৱাৰ অন্তত, অৰ্থাৎ ধানৰ নৰা ছিগাৰ সময়তে অনুষ্ঠিত হোৱা বাবেই এই উৎসৱক নৰাছিগা বিহু বুলিও জনা যায় ৷ জনবিশ্বাস অনুসৰি সৃষ্টিকৰ্তা, সূৰ্য, চন্দ্ৰ, মাতৃ বসুমতী তথা পূৰ্ব পুৰুষসকলক তুষ্ট কৰাৰ উদ্দেশ্যে এই বিশেষ উৎসৱটি পালন কৰা হয় ৷

লগতে পঢ়ক : Modi surname case: মোদীৰ নাম মুখত লৈ সদনত অযোগ্য বিবেচিত ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.