ETV Bharat / state

Bamboo bridge at Jonai : বিধস্ত বাঁহৰ দলঙে জীয়াতু ভোগাইছে ধেমাজিৰ ঘেয়াৰীবাসীক

author img

By

Published : Mar 3, 2023, 1:30 PM IST

এখন জৰাজীৰ্ণ বাঁহৰ দলং (Bamboo bridge at Jonai) ৷ যি দলঙে এতিয়া কন্দুৱাইছে ধেমাজিৰ ঘেয়াৰীবাসীক ৷ কিয়নো অন্য পথ নথকা হেতুকে বাটঘৰীয়া পঞ্চায়তৰ 2 নং ঘেয়াৰীবাসীয়ে অতি বিপদ সংকুলভাৱে সেই স্থানেৰে অহা যোৱা কৰিব লগাত পৰিছে (Poor condition of Bamboo bridge at Jonai) ৷

Bamboo bridge at Jonai
জৰাজীৰ্ণ বাঁহৰ দলঙে জীয়াতু ভোগাইছে ঘেয়াৰীবাসীক

ধেমাজি, 3 মাৰ্চ : এখন জৰাজীৰ্ণ বাঁহৰ দলঙে জীয়াতু ভোগাইছে ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ বাটঘৰীয়া পঞ্চায়তৰ 2 নং ঘেয়াৰীবাসীক ৷ ঠেলা, চাৰিচকীয়া সৰু বাহনো দলঙখনেৰে পাৰ হ’ব নোৱাৰা অৱস্থা (Bamboo bridge at Jonai) ৷ ফলত সংকট কালত ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত অন্য পথেৰে দীঘলীয়া বাট অতিক্ৰম কৰিবলগীয়া হয় (Poor transportation system at Jonai) ৷ কোনো কোনো সময়ত ৰোগীক ডাংকোলা কৰি দলং পাৰ কৰি আনিবলগীয়াৰ দৰে পৰিস্থিতিৰো উদ্ভৱ হয় ।

তদুপৰি বিধস্ত দলঙত দুৰ্ঘটনাত পতিত হৈ বহু সময়ত আঘাতপ্ৰাপ্ত হৈছে ছাত্ৰ-ছাত্ৰীকে ধৰি আন বহু লোক ৷ জৰাজীৰ্ণ এই দলঙেৰে দৈনিক শ শ লোকে দুচকীয়া বাহনেৰে অতি বিপদ সংকুলভাৱে যাত্ৰ কৰি আহিছে ৷ বিশেষকৈ কেইবাখনো বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থী এই দলঙেৰে অহা যোৱা কৰোতে পদে পদে বিপদত পৰাৰ আশংকা ঘনীভূত হয় ৷

ইতিমধ্যে কেইবাবাৰো ৰাইজৰ দান-বৰঙণিৰে দলংখন মেৰামতি কৰা হৈছিল যদিও বানে গৰকা অঞ্চলটোৰ যাতায়াতৰ সম্বল এই দলঙেৰেই ধেমাজি সদৰলৈ দৈনিক শ শ ব্যৱসায়ী, কৰ্মচাৰী আৰু কলেজীয়া ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰাৰ ফলত দলঙৰ বহন ক্ষমতা হ্ৰাস পাই পুনৰ জৰাজীৰ্ণ হৈ পৰে ৷

তাৰোপৰি বাৰিষাৰ বানৰ সময়ত অতিকে শোচনীয় হৈ পৰে এই অঞ্চলৰ যাতায়ত ব্যৱস্থা ৷ চাৰিচকীয়া গাড়ী অথবা এম্বুলেঞ্চ যোৱাটো দূৰৰে কথা, ঠেলা এখনো যাব নোৱাৰা দলংখন বিগত প্ৰায় চাৰি বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাতে আছে ৷ তথাপিও অঞ্চলটোৰ যাতায়ত সুচল কৰাৰ স্বাৰ্থত দলংখন মেৰামতি অথবা পুনঃনিৰ্মাণ কৰাৰ বাবে জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে অঞ্চলবাসীয়ে ৷

আনহাতে, বানৰ সমান্তৰালভাৱে গড়াখহনীয়াতো আক্ৰান্ত এই সমগ্ৰ অঞ্চল ৷ ইতিমধ্যে 2 নং ঘেয়াৰী গাঁৱৰ দলঙৰ সমীপৰ কেইবাটাও পৰিয়ালৰ ঘৰৰ ভেঁটি জাহ গ’ল জীয়াঢলৰ বুকুত ৷ কিন্তু তিনিটা বছৰৰ পিচতো খহনীয়া আক্ৰান্তই ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

ৰাইজৰ এই সমস্যাসমূহৰ বিষয়ে চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ লগতে ধেমাজি সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাক সাক্ষাৎ কৰি বহুবাৰ অৱগত কৰিছে ৷ কিন্তু আজিকোপতি এই বিষয়ত কোনেও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ৷

উল্লেখ্য যে, পূৰ্বে পথচোৱাত এটা কালভাৰ্ট আছিল ৷ কিন্তু তিনি বছৰৰ আগত জীয়াঢলৰ বাঢ়নী পানীয়ে ধেমাজি জীয়াঢল চাৰিআলিৰ আমূলগুৰিৰ পৰা বাটঘৰীয়া পঞ্চায়তৰ 2 নং ঘেয়াৰী, চেঁচা হৈ পশ্চিম ধেমাজি সংযোগী গড়কাপ্তানি পথটো চিঙি নিয়ে ৷

ফলত জৰাজীৰ্ণ বাঁহৰ দলংখনেই যাতায়তৰ একমাত্ৰ মাধ্যম হৈ পৰিল অঞ্চলবাসী ৰাইজৰ ৷ কিন্তু তিনি বছৰ অধিক কাল অতিক্ৰম কৰাৰ পাচতো চৰকাৰৰ সংশ্লিষ্ট বিভাগ তথা জনপ্ৰতিনিধিৰ অমনোযোগিতাৰ বাবেই যাতায়ৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা হৈছে স্থানীয় ৰাইজে ৷

স্থানীয় বিধায়ক আৰু সাংসদক বাৰম্বাৰ অনুৰোধ কৰিও কোনো সদুত্তৰ পোৱা নাই গাঁওবাসীয়ে ৷ চৰকাৰে যেনেধৰণেৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, তেনে ধৰণে নকৰাৰ ফলতেই ৰাইজে এই সমস্যাত ভুগিব লগা হৈছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

সেয়ে এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে অচিৰেই 2 নং ঘেয়াৰীত বাঁহৰ দলঙৰ পৰিৱৰ্তে এখন স্থায়ী পকী দলং নিৰ্মাণৰ লগতে পথটোৰো পুনৰ মেৰামতি কৰি যাতায়ত ব্যৱস্থা সূচল কৰি দিবলৈ দাবী জনাইছে অঞ্চলবাসীয়ে ৷

লগতে পঢ়ক : Assam movement leader in Jorhat: অঘৰীৰ জীৱন কটাইছে অসম আন্দোলনৰ নেতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.