ETV Bharat / state

Poor Irrigation Scheme: বগাহাতীত পৰিণত জলসিঞ্চন আচঁনি, মূৰে কঁপালে হাত দিছে কৃষকে

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 6:03 PM IST

ইফালে ৰাজ্য চৰকাৰে কৃষকৰ সহায়ৰ হকে আঁচনি ৰূপায়ণ কৰেহে কৰে ৷ কিন্তু এতিয়া এটুপি পানীৰ বাবে হাহাকাৰ কৰিছে কৃষকে ৷

Poor Irrigation Scheme
বগাহাতীত পৰিণত জলসিঞ্চন আচঁনি
বগাহাতীত পৰিণত জলসিঞ্চন আচঁনি

ধেমাজি, 27 ছেপ্টেম্বৰ : বৰষুণৰ অভাৱত বিগত এপষেকৰো অধিক দিন ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধেমাজি জিলাতো খেতি পথাৰত চিৰাল ফাট মেলিছে ৷ এতিয়া আহিন মাহত পথাৰৰ শস্যসমূহ গেঁৰ ধৰা সময় ৷ কিন্তু পানীৰ অভাৱত খেতি পথাৰসমূহৰ তল শুকাই যোৱাৰ ফলত খেতিৰ শ্ৰীবৃদ্ধি হোৱাত বাধাৰ সৃষ্টি হৈছে ৷ ফলক কৃষকে মূৰে কঁপালে হাত দিব লগা হৈছে ৷

চৰকাৰৰ বৰলাহ আঁচনি, প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ দৰে জলসিঞ্চন বিভাগৰ অভিলাসী আঁচনি চৰকাৰে সফলভাৱে ৰূপায়ণ কৰিছে বুলি দাবী কৰাৰ পিচতো এতিয়াও পানী যোগান আঁচনিয়ে ঢুকি পোৱা নাই কৃষকৰ পথাৰ ৷ ধেমাজি জিলাৰ মাটিখোলাস্থিত ধেমাজি জলসিঞ্চন সংমণ্ডলৰ অধীনত বঙালমাৰী 4 নং কেন্দ্ৰৰ DTW Scheme আচঁনি বিকল হৈ থকাৰ পিচতে কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলে পথাৰত পানী যোগান ধৰাৰ উদ্দেশ্যে এই আঁচনিখন কাৰ্যকৰী কৰা হৈছিল যদিও দুদিনৰ পিচতে বন্ধ হৈ পৰে পানী যোগান ৷

অঞ্চলটোত 2012-13 চনতে ৰূপায়ণ কৰা হৈছিল এই আঁচনিখন ৷ কিন্তু কেইদিনমানৰ পিচতে পানী যোগান বন্ধ কৰাৰ পিচতে অঞ্চলটোৰ কৃষকে বহুবাৰ সংশ্লিষ্ট বিভাগক অৱগত কৰিছিল ৷ তাৰ পিচতো অদ্যপি আঁচনিখন কাৰ্যক্ষম নহ’ল ৷ ফলত অঞ্চলটোৰ কৃষকে বছৰ বছৰ ধৰি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই কৃষিকাৰ্য কৰি আহিছে ৷ কিন্তু এতিয়া বৰষুণৰ অভাৱত খেতিডৰাৰ অৱস্থা দেখি ভাগি পৰিছে কৃষকসকল ৷

ইপিনে সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাতো জলসিঞ্চন বিভাগটোৱে খেতি পথাৰত পানী যোগান ধৰাৰ নামত বহু ধন ব্যয় কৰি আহিছে যদিও আপাততঃ বহু আচঁনিয়ে বিকল হৈ পৰিত্যক্ত অৱস্থাত আছে। আনহাতে চৰকাৰ বিভাগীয় মন্ত্ৰীয়ে দাবী কৰি আহিলেও কাৰ্যত যে কৃষিখণ্ডত আন্তগাঁথনি এতিয়াও উন্নত হোৱা নাই ধেমাজিৰ এইখন আঁচনিয়ে চৰকাৰৰ তথা বিভাগটোৰ ফোপোলাস্বৰূপ দাঙি ধৰিছে ৷ ৰাজ্যখনত 2022 চনলৈ মুখ্য 3,884 খন জলসিঞ্চলৰ আঁচনি ঘোষণা কৰাৰ পিচতো ইয়াৰে 1,854 খন আঁচনিয়ে আজিৰ তাৰিখত বিকল হৈ আছে ।

লগতে পঢ়ক: Assam Bhawan in Vellore: ভেলোৰত উদ্বোধন কৰা হ’ল 23 কোটি ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক অসম ভৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.