ETV Bharat / state

ধেমাজিত শক্তি বিভাগৰ মৰণ ফান্দ

author img

By

Published : Jul 6, 2019, 7:51 PM IST

Updated : Jul 6, 2019, 10:33 PM IST

ধেমাজিত উচ্চ বিদ্যুৎ পৰিৱাহী তাঁৰৰ সৈতে বাঁহৰ খুঁটা সংযোগ কৰিছে শক্তি বিভাগে ৷ ইয়াৰ ফলত ভয়াবহ বিপদৰ সন্মুখীন হৈছে বহুকেইজন লোক ৷

শক্তি বিভাগৰ মৰণ ফান্দ

ধেমাজি, 6 জুলাই : ধেমাজি জিলা বিদ্যুৎ সংমণ্ডলৰ অধীনৰ বৃহত্তৰ নিলখপুৰ অঞ্চলত শক্তি বিভাগে পাতিছে মৰণ ফান্দ ৷ অতি গুৰুত্বপূৰ্ণ গ্ৰাম্য পথৰ দাঁতিত উচ্চ বিদ্যুৎ পৰিৱাহী তাঁৰৰ সৈতে শক্তি বিভাগে 10/12 টাকৈ বাঁহৰ খুঁটা সংযোগ কৰিছে ৷ ফলত যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটন হোৱাৰ সম্ভাৱনা আছে অঞ্চলটোত ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, বৰষুণৰ সময়ছোৱাত এই বাঁহৰ খুঁটাৰেও বিদ্যুৎ পৰিবাহিত হয় ৷ তাৰোপৰি, এই অঞ্চলটোত তিনিটাকৈ খুঁটা স্থাপন কৰিব লাগে যদিও মাত্ৰ দুটা খুঁটাৰে কাম চলি থকাৰ বাবে মাজে মাজে বাহঁৰ খুঁটা পুতি দায়িত্ব সামৰিছে বিভাগটোৱে ৷

শক্তি বিভাগৰ মৰণ ফান্দ

উল্লেখ্য যে, ইতিমধ্যে, বহুবাৰ ভয়াবহ বিপদৰ পৰা কথমপি ৰক্ষা পৰা বুলিও স্থানীয় লোকে মন্তব্য কৰিছে ৷ ইপিনে এই বিষয়ে সংশ্লিষ্ট বিভাগক বাৰাম্বাৰ অৱগত কৰাৰ পাছতো আজিকোপতি কোনো পদক্ষেপ গ্ৰহণ কৰা নাই শক্তি বিভাগে ৷

Intro:ধেমাজিত বিদ্যুত বিভাগৰ অদূৰদৰ্শিতা ৷ বাঁহৰ খুঁটাত বিদ্যুতৰ তাঁৰ সংযোগেৰে মৰণ ফান্দ ৷Body:ধেমাজিত উচ্চ পৰিৱাহী বিদ্যুত তাঁৰৰ সৈতে বাঁহৰ খুঁটা সংযোগ ৷

ধেমাজি , ৬ জুলাই : ধেমাজিৰ বিভিন্ন গ্ৰামাঞ্চলতো এতিয়া শক্তি বিভাগে সৃষ্টি কৰিছে মৰণ ফান্দ ৷ এটা নহয় দুটা নহয় অতি গুৰুত্বপূৰ্ণ গ্ৰাম্য পথৰ দাঁতিত উচ্চ বিদ্যুত পৰিবাহী তাঁৰৰ সৈতে সংযোগ স্থাপন কৰা হৈছে ১০/১২ টাকৈ বাঁহৰ খুটা ৷ যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটন হব পাৰে অঞ্চলটোত ৷ ধেমাজি জিলা বিদ্যুত সংমণ্ডলৰ অধীনৰ বৃহত্তৰ নিলখপুৰ কোঅপাৰেটি অঞ্চলত বিদ্যুত বিভাগৰ এই বিপদৰ খেলা ৷ স্থানীয় ৰাইজৰ মতে বৰষুণৰ সময়ছোৱাত কেতিয়াবা এই বাঁহৰ খুটাৰো বিদ্যুত পৰিবাহী হৈ পৰে ৷ ফলত অসাৱধানতাৰ বাবে কোনোবাই স্পৰ্শ কৰিলে ভয়ংকৰ বিপদত পৰিব পাৰে ৷ আনফালে অঞ্চলটোত তিনিটাকৈ খুটা স্থাপন কৰিব লাগে যদিও মাত্ৰ দুটা খুটা সংস্থাপন কৰা বাবে মাজে মাজে বাহঁৰ খুটাঁ পুতি দায়িত্ব সামৰিছে বিভাগটোৱে ৷ কাৰণ বাহঁৰ খুটা সংযোগ নকৰিলেই মাটিৰ ওচৰলৈ উলমি আহে বিদ্যুতৰ তাঁৰ ৷ মাজে মাজে দুই এজন লোক কথমপি ভয়াবহ বিপদৰ পৰা ৰক্ষা পৰা বুলিও স্থানীয় লোকে মন্তব্য কৰে ৷
ইপিনে এই বিষয়ে সংশ্লিষ্ট বিভাগক বাৰাম্বাৰ অৱগত কৰি আহিছ যদিও আজিকোপতি কোনো পদক্ষেপ গ্ৰহন নকৰা লগতে বাঁহৰ খুটঁা সলনি কৰিব দিলেও দায়িত্বহীন মন্তব্যৰে গা এৰা দিয়ে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷
Conclusion: এতিয়া
প্ৰশ্ন হৈছে
বিশ্বনাথৰ কাণ্ডৰ পৰা শিক্ষা নোলোৱা বিদ্যুত বিভাগটোৰ কেতিয়ালৈ সম্বিত ঘুৰি আহিব ৷ডিজিটেল ইণ্ডিয়া কথা কোবা চৰকাৰখনে বিদ্যুত বিভাগৰ এই পয়ঁলগা ছৱি খন সলনি কৰিব লৈ সক্ষম হবনে ?

pradunya Bharali , Dhemaji, Assam. 6/7/2019
Last Updated : Jul 6, 2019, 10:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.