ETV Bharat / state

Poor Condition of Govt Schools : শিক্ষা মন্ত্ৰীৰ গৃহ সমষ্টিতে চৰকাৰী বিদ্যালয়ৰ শোচনীয় অৱস্থা

জোনাইৰ কেইবাখনো চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ তথা গোহালি সদৃশ অৱস্থা (poor condition of govt schools at Joinai) । এই গোহালি সদৃশ জৰাজীৰ্ণ বিদ্যালয়তে কণ কণ শিশুসকলে আৰম্ভ কৰিবলগীয়া হৈছে জীৱনৰ শিক্ষাৰ আদিপাঠ ।

author img

By

Published : Apr 29, 2023, 9:09 PM IST

Poor Condition of Govt Schools at Jonai
Poor Condition of Govt Schools at Jonai
জোনাইত চৰকাৰী বিদ্যালয়ৰ শোচনীয় অৱস্থা

জোনাই, ২৯ এপ্ৰিল : অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ (education minister Ranoj Pegu) গৃহ জিলা ধেমাজিৰ জোনাইৰ মূৰ্কংচেলেক ব্লক শিক্ষা খণ্ডৰ অন্তৰ্গত কাৰ্চাং বিজয়পুৰ প্ৰাথমিক বিদ্যালয়, জৌংচাৰ মিলন প্ৰাথমিক বিদ্যালয় আৰু বেৰাচাপৰি নগাঁও প্ৰাথমিক বিদ্যালয়কেইখনৰ জৰাজীৰ্ণ অৱস্থাৰ দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব (poor condition of govt schools at Joinai) । যিসময়ত অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ চুকে-কোণে প্ৰতিখন বিদ্যালয়তো গুণোৎসৱ অনুষ্ঠিত কৰি আহিছে (Assm govt Gunotsav), তেনে সময়তে জোনাইৰ এইকেইখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ দৃশ্যই চৰকাৰৰ ফোঁপোলা স্বৰূপ উদঙাইছে ।

বিদ্যালয় নহয় যেন একো একোটা গোহালিহে । এনে গোহালি সদৃশ জৰাজীৰ্ণ বিদ্যালয়তে কণ কণ শিশুসকলে জীৱনৰ আদিপাঠ আৰম্ভ কৰিবলগীয়া হৈছে (poor infrastructure of govt schools at Jonai) । বৃহত্তৰ জোনাইৰ ভিতৰুৱা অঞ্চলসমূহত প্ৰতিষ্ঠা কৰা এই বিদ্যালয়কেইখন ২০১৩ চনতে প্ৰাদেশিকীকৰণ হয় । কিন্তু বিদ্যালয়কেইখনে আজিকোপতি পাবলৈ সক্ষম নহ'ল চৰকাৰ তথা বিভাগৰ পৰা গৃহ নিৰ্মাণৰ বাবে কোনোধৰণৰ চৰকাৰী আঁচনি (Assam govt education department)।

আনহাতে, বিদ্যালয়কেইখনত নাই কোনো পৃথক শ্ৰেণীকোঠা, নাই পৰ্যাপ্ত ডেস্ক-বেঞ্চ । ইয়াৰ উপৰি সামান্য পৰিমাণৰ বতাহ-বৰষুণতে বিদ্যালয়কেইখনে ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীৰ পাঠদান বন্ধ কৰিবলগীয়া হয় । লগতে জৰাজীৰ্ণ গোহালি সদৃশ বিদ্যালয়সমূহত কোনো পৃথক শ্ৰেণীকোঠা নথকাত এটা শ্ৰেণীৰ পাঠদান কৰিবলৈ হ'লে বাকী শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বাহিৰত থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় । মুঠতে বিদ্যালয়কেইখনৰ ছাত্ৰ-ছাত্ৰীসকলে এখন চালিৰ তলতে বছৰ বছৰ ধৰি গ্ৰহণ কৰিবলগীয়া হৈছে প্ৰাথমিক শিক্ষাৰ পাঠ ।

যিসময়ত ৰাজ্য চৰকাৰে শিক্ষা ব্যৱস্থাৰ আমুল পৰিৱৰ্তনৰ কথা কৈ আহিছে, তেনে সময়তে জোনাইৰ ভিতৰুৱা অঞ্চলৰ বিদ্যালয়সমূহৰ এনে পৰিৱেশে চিন্তিত কৰিছে অভিভাৱকসকলৰ লগতে সচেতন মহলক ৷ এতিয়া প্ৰশ্ন হৈছে, এয়াই নেকি চৰকাৰৰ আধুনিক শিক্ষা ব্যৱস্থা ?

উল্লেখ্য যে, অসমৰ বিভিন্ন অঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠানবোৰৰ অৱস্থা এতিয়া অতি শোচনীয় । ছাত্ৰ-ছাত্ৰী অনুপাতে এই বিদ্যালয়সমূহত নাই পৰ্যাপ্ত শিক্ষক । নাই আন্তঃগাঁথনি । তথাপিও তেনেদৰে পাঠ গ্ৰহণ তথা পাঠদান চলাই আছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে ।

লগতে পঢ়ক: Dergaon Don Bosco School: শিক্ষয়িত্ৰীৰ প্ৰহাৰত কাণ ফাটিল দশম শ্ৰেণীৰ ছাত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.