ETV Bharat / state

কোৱাৰেইন্টাইনৰ পৰা অন্তৰ্ধান হ’ল 20 টা গাহৰি - গাহৰি সৰবৰাহ

পশুপালন বিভাগে কোৱাৰেন্টাইনত ৰখা গাহৰি অন্তৰ্ধান ৷ আফ্ৰিকাৰ ছোৱাইন ফিভাৰক লৈ আতংক গাহৰি পালকৰ মাজত ৷ ক'ত গ'ল কোৱাৰেন্টাইনত থকা গাহৰি ?

pig farmers complaint against veterinary dept of dhemaji
গোগামুখত কোৱাৰেইন্টাইনত থকা 20 টা গাহৰিৰ ক'ত গ'ল ?
author img

By

Published : Aug 11, 2021, 8:41 PM IST

ধেমাজি, 11 আগষ্ট : কোৱাৰেন্টাইনৰ পৰা মানুহ পলোৱাৰ কথা আপুনি শুনিছে ৷ কিন্তু কোৱাৰেন্টাইনৰ পৰা গাহৰি নোহোৱা হোৱাৰ খবৰ আচহুৱা নহয় নে ? পিচে এয়াই সংঘটিত হৈছে অসমৰ এখন জিলাত ৷ কোৱাৰেন্টাইনৰ পৰাই নোহোৱা হ’ল 20 টা গাহৰি ৷ আফ্ৰিকান ছোৱাইন ফিভাৰৰ ঢৌ অব্যাহত থকাৰ মাজতে এইদৰে গাহৰি নোহোৱা হোৱা ঘটনাই গাহৰি পালকৰ মাজত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ ৷ এই ঘটনা সংঘটিত হৈছে ধেমাজি জিলাত ৷

একাংশ গাহৰি পালকে সদৰি কৰা মতে, জিলা প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি একাংশ অসাধু ব্যৱসায়ীয়ে কম দামত ছোৱাইন ফিভাৰৰ সংক্ৰমণ ঘটা শোণিতপুৰ আৰু মঙলদৈ আদি পৰা গাহৰি সৰবৰাহ কৰি আছে ৷ যোৱা 6 আগষ্টত ধেমাজি জিলা পশুপালন বিভাগে গোগামুখত জব্দ কৰিছিল প্ৰায় বিশটা বহিঃজিলাৰ গাহৰি ৷ গাহৰিখিনি গোগামুখৰ পঞ্চায়ত কাৰ্যালয়ত কোৱাৰেইন্টাইন কৰিছিল বিভাগে ৷

জানিব পৰা মতে, আন্তঃজিলা যাতায়ত বন্ধ হৈ থকা সময়ছোৱাতে ছোৱাইন ফিভাৰক কেন্দ্ৰ কৰি বহিঃজিলাৰ পৰা গাহৰি সৰবৰাহ কৰাত নিষেধাজ্ঞা আৰোপ কৰি থৈছে ধেমাজি জিলা উপায়ুক্তই ৷ কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা ধেমাজিত গাহৰি সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰা পাচতো কেনেকৈ জিলাখনত সোমাল বহিঃ ৰাজ্যৰ গাহৰি ৷

গোগামুখত কোৱাৰেইন্টাইনত থকা 20 টা গাহৰিৰ ক'ত গ'ল ?

লগতে পঢ়ক: জীৱন্তে জ্বলাই দিয়া হ’ল বিজেপিৰ প্ৰাক্তন জিলা উপ-সভাপতিক

ধেমাজি জিলা গাহৰি পালক সন্থাই অভিযোগ কৰা মতে জিলা পশু পালন বিভাগে কোৱাৰেন্টাইনত ৰখা গাহৰি কেইটা গোগামুখৰ পঞ্চায়তৰ পৰা ১৪ দিনৰ পূৰ্বেই ৰহস্যজনকভাৱে অন্তৰ্ধান হয় ৷ ইয়াৰ পাচতে এক চাঞ্চল্যই বিৰাজ কৰে গাহৰি পালক সকলৰ মাজত ৷

এনে পৰিপেক্ষিতত ধেমাজি জিলা গাহৰি পালক সন্থাৰ বিষয়-ববীয়াসকলে ধেমাজি জিলা পশু পালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ এই বিষয়ত কৈফিয়ৎ তলব কৰে ৷ আশ্চৰ্যজনকভাৱে পশু পালন আৰু পশু চিকিৎসা বিষয়াই জব্দকৃত বিশটা গাহৰিৰ বিপৰীতে দহটা গাহৰিহে কোৱাৰাইন্টাইনত ৰখাৰ তথ্য দাখিল কৰে ৷

20 টা গাহৰিৰ সন্ধান বিচাৰি 10 টা গাহৰিহে কোৱাৰাইন্টাইনত থকাৰ তথ্য লাভ কৰাত ধেমাজি জিলা গাহৰি পালক সকলৰ মাজত বিভিন্ন ধৰণে প্ৰশ্ন উত্থাপন হৈছে ৷ এনে ক্ষেত্ৰত গাহৰি কোৱাৰেন্টাইনৰ দায়িত্বত থকা পশু চিকিৎসক আৰু জিলা পশুপালন বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ ধেমাজি প্ৰশাসনক দাবী জনাইছে ধেমাজি গাহৰি পালক সন্থাই ৷

লগতে পঢ়ক: বৃহস্পতিবাৰে আত্মসহায়ক গোটৰ মহিলাৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.